অসম

assam

By

Published : Oct 26, 2019, 9:11 PM IST

ETV Bharat / state

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

দুদিন ধৰি হৈ থকা নেৰা-নপৰা বৰষুণৰ ফলত বুৰ গ'ল নগাঁৱৰ কামপুৰ ৷ ৰাইজৰ অভিযোগ কামপুৰ পৌৰসভাই সময়মতে নলা-নৰ্দমা পৰিস্কাৰ আৰু নিৰ্মাণ নকৰা বাবেই সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

বঢ়মপুৰ, 26 অক্টোবৰঃ দুদিন ধৰি হৈ থকা নেৰা-নপৰা বৰষুণৰ ফলত বুৰ গ'ল নগাঁৱৰ কামপুৰ ৷ কৃত্ৰিম বানৰ ফলত বুৰ গ'ল চহৰখনৰ ৰাজপথ,চৰকাৰী কাৰ্যালয়,বাসগৃহ ৷ ৰাইজৰ অভিযোগ কামপুৰ পৌৰসভাই সময়মতে নলা-নৰ্দমা পৰিস্কাৰ আৰু নিৰ্মাণ নকৰা বাবেই সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

ইপিনে,কৃত্ৰিম বানৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ ৷ কামপুৰ ৰেল ষ্টেচনৰ সমীপৰ পথ কৃত্ৰিম বানৰ কবলত পৰাৰ ফলতেই ৰেল ষ্টেচনলৈ যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ ৷ ইতিপূৰ্বৰ পৰাই এই অঞ্চলত কৃত্ৰিম বানে ৰাইজক ভাৰাক্ৰান্ত কৰি আহিছে,কিন্তু কৰ্তৃপক্ষই আজিলৈকে কোনোধৰণৰ স্থায়ী সমাধান দিবলৈ সক্ষম নোহোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে ৷

ABOUT THE AUTHOR

...view details