অসম

assam

ETV Bharat / state

হিমন্ত ছাৰ মোক অলপ ভিক্ষা দিয়ক; থাকিবলৈ সুবিধা দিয়ক - cm

কলিয়াবৰত কৃত্ৰিম বানৰ মাজত কেইবাটাও পৰিয়াল ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই কলিয়াবৰত সৃষ্টি হৈছে কৃত্ৰিম বান ৷ চকুপানী টুকি বিভাগীয় কৰ্তৃপক্ষৰ সহায় ভিক্ষা ভুক্তভোগীৰ ৷

কলিয়াবৰত কৃত্ৰিম বান
কলিয়াবৰত কৃত্ৰিম বান

By

Published : Jul 18, 2021, 5:35 PM IST

কলিয়াবৰ, 18 জুলাই :কৃত্ৰিম বানৰ কবলত কলিয়াবৰৰ কেইবাটাও পৰিয়াল ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথৰ কাষৰীয়া কেইবাটাও পৰিয়াল ৷ কৃত্ৰিম বানৰ কবলৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৰযোৰে প্ৰাৰ্থনা এগৰাকী মহিলাৰ ৷

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথত কৃত্ৰিম বান হোৱাৰ মূল কাৰণ হৈছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষই অবৈজ্ঞানিক পদ্ধতিৰে অ-পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ ফলত তাৰ পৰিণাম ভোগ কৰিছে ঘাইপথৰ কাষত থকা পৰিয়ালকেইটাই ৷

কলিয়াবৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ আঁসোৱাহপূৰ্ণ নিৰ্মাণৰ ফলতে পথৰ কাষৰ বাসিন্দাই প্ৰতিদিনে চকুলো টুকিবলগাত পৰিছে ৷

কলিয়াবৰত কৃত্ৰিম বান

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ভালেমান বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । বিশেষকৈ পথৰ কাষৰ নলা আৰু সেৱাপথ নিৰ্মাণ নকৰাক লৈ প্ৰতিবাদ চলি আহিছে । কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

ইফালে বিগত কেইবাদিন ধৰি ৰাজ্যত বৰষুণ দি আছে ৷ আনফালে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই ঘাইপথৰ কাষৰ ঘৰসমূহ এতিয়া পানীৰ তলত ডুব যোৱাৰ উপক্ৰম হৈছে ৷ পথ নিৰ্মাণ কৰা ঠিকাদাৰ তথা মহৰীসকলক এই বিষয়ে অৱগত কৰাৰ পাছতো আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই ৷

পথ নিৰ্মাণ ঠিকাদাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়া কনষ্ট্ৰাক্‌চন কোম্পানীৰ লেহেমীয়া আৰু বিসংগতিপূৰ্ণ কামৰ ফল ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ তুলিছে ভুক্তভোগীয়ে । অকণমান থকা ঠাই বিচাৰি কৰযোৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে কলিয়াবৰৰ ভুক্তভোগী লোকসকলে ৷

লগতে পঢ়ক:ভোট জলকীয়া খাই গীনিজ বুক অৱ ৰেকৰ্ডত স্থান দখলৰ চেষ্টা

ABOUT THE AUTHOR

...view details