অসম

assam

ETV Bharat / state

নগাঁৱতো চিত্ৰ অংকনৰে অখিল গগৈৰ মুক্তিৰ দাবী - ৰাজপথ

গুৱাহাটীৰ পিছত নগাঁৱৰ ৰাজপথতো অখিল গগৈৰ মুক্তিৰ দাবীত চিত্ৰ অংকন । নগাঁৱৰ কৃষ্ণাইঘাট বাইপাছত অখিল গগৈৰ চিত্ৰ অংকন পৰিলক্ষিত হ’ল পথৰ সমীপৰ দেৱালত ।

art for release akhil gogoi in nagaon assam etv bharat news
চিত্ৰ অংকনৰে অখিল গগৈৰ মুক্তিৰ দাবী

By

Published : Nov 23, 2020, 8:14 PM IST

নগাঁও,23 নৱেম্বৰ:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এইবাৰ নগাঁৱৰ ৰাজপথত চিত্ৰ অংকন ৷ নাগৰিকত্ব সংশোধনী আন্দোলনত জৰিত হৈ দীৰ্ঘদিনে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে গুৱাহাটীৰ ৰাজপথত অখিল গগৈৰ মুক্তিৰ দাবীত চিত্ৰ অংকন কৰা দুই শিল্পীক আটক কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পিছতেই পুনৰ উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য ৷

চিত্ৰ অংকনৰে অখিল গগৈৰ মুক্তিৰ দাবী

এইবাৰ নগাঁৱৰ ৰাজপথতো অখিল গগৈৰ মুক্তি বিচাৰি চিত্ৰ অংকনেৰে দাবী উত্থাপন কৰা হৈছে ৷ সোমবাৰে নগাঁৱৰ কৃষ্ণাইঘাট বাইপাছত অখিল গগৈৰ মুক্তিৰ দাবীত অংকন কৰা চিত্ৰৰ কাষতেই বিভিন্ন শ্ল'গানেৰে গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ নেতা-কৰ্মীয়ে ৷ অখিল গগৈক বেলিৰ সৈতে তুলনা কৰি চৰকাৰে বেলি কেতিয়াও ঢাকিব নোৱাৰে বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুবুল শৰ্মায়ে ৷

লগতে চাওকঃঅনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

ABOUT THE AUTHOR

...view details