অসম

assam

ভয়াৱহ ভবিষ্যতঃ কলিয়াবৰত আৰ্চেনিকযুক্ত পানী

By

Published : Jun 19, 2019, 2:55 PM IST

Updated : Jun 19, 2019, 3:22 PM IST

ডO দত্তই আৰ্চেনিকৰ ভয়াৱহতাৰ লগতে কিদৰে মৌলবিধ পানীৰ পৰা নিৰ্মূল কৰিব পাৰি সেই বিষয়ে এক পদ্ধতিগত পৰ্যালোচনা আগবঢ়াই । লগতে এক পইচাত এক লিটাৰ পানী আৰ্চেনিকমুক্ত কৰিব পাৰি বুলি ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজক অৱগত কৰে ৷

কলিয়াবৰত আৰ্চেনিকযুক্ত পানীৰ ভয়াবহতাৰ ইংগিত

নগাঁও, 19 জুনঃ কলিয়াবৰৰ পানীত আৰ্চেনিকৰ মাত্ৰাই কঢ়িয়াইছে ভয়াৱহতাৰ ইংগিত ৷ পানীৰ 24 টা নমুনাৰ পৰীক্ষাৰ অন্তত 17 টাতেই ধৰা পৰিছে আৰ্চেনিকৰ উপস্থিতি ৷ এই ভয়াবহতাৰ বিষয়ে বৃহত্তৰ কলিয়াবৰবাসীক সচেনত কৰিবলৈ মঙ্গলবাৰে পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 ৰবীন দত্ত সহ দুই গৱেষক ছাত্ৰই‌ । ড0 দত্তই আৰ্চেনিকৰ ভয়াবহতাৰ লগতে কিদৰে মৌলবিধ পানীৰ পৰা নিৰ্মূল কৰিব পাৰি সেই বিষয়ে এক পদ্ধতিগত পৰ্যালোচনা আগবঢ়াই । লগতে এক পইচাত এক লিটাৰ পানী আৰ্চেনিকমুক্ত কৰিব পাৰি বুলি ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজক অৱগত কৰে । সভাত কলিয়াবৰ মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ‍্য অভিযন্তা প্ৰতুল চৌধৰী, মহকুমা প্ৰশাসনীয় বিষয়া বাৰ্বী হাজৰিকা, প্ৰাক্তন অধ‍্যাপক প্ৰশান্ত শইকীয়া, মণিমাধৱ মহন্ত আৰু বিদ‍্যালয়ৰ বিজ্ঞান শিক্ষক নৃপেন শইকীয়াই বক্তব‍্য আগবঢ়াই । সকলোৱে একমুখে বিদ্যালয়ৰ এই পদক্ষেপৰ ভূয়ষী প্ৰশংসা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কলিয়াবৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ ব‍্যৱস্থাৰ বাবে আহ্বান জনাই ।

কলিয়াবৰত আৰ্চেনিকযুক্ত পানীৰ ভয়াবহতাৰ ইংগিত

উল্লেখ্য যে, পানীত থকা মাত্ৰাধিক‍ আৰ্চেনিক নামৰ মৌলবিধৰ ফলত মানৱ দেহত কৰ্কট ৰোগৰ সৃষ্টি হ'ব পাৰে । অসমৰ বহু ঠাইৰ লগতে কলিয়াবৰ মহকুমাৰ পশ্চিম অঞ্চলৰ খোৱা পানীত এই মৌলবিধৰ উপস্থিতি ধৰা পৰিছে । বিশ্ব স্বাস্থ্য সন্থাৰ নিৰ্দ্ধাৰিত 10 পি পি বিৰ তুলনাত মাত্ৰাধিক আৰ্চেনিক ধৰা পৰাত কলিয়াবৰবাসীৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে । কলিয়াবৰস্থিত পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ৰিয়েটিভ চায়েঞ্চ ক্লাৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰত সম্পাদন কৰা পৰীক্ষাত 24 টা নমুনাৰ 17 টাতেই আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে ৷

Last Updated : Jun 19, 2019, 3:22 PM IST

ABOUT THE AUTHOR

...view details