ৰূপহীহাট,20 মে’:নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান । আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিচ তেই নগাঁৱৰ ড্ৰাগছৰ ঘাটিত চলিছে ধাৰাবাহিক অভিযান ৷ উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰূপহীহাটৰ জুৰীয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৷ জুৰীয়া মাহগুৰিৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফকৰুদ্দিনৰ ঘৰত আৰক্ষীয়ে চলাই এই অভিযান ৷
নগাঁৱত ধাৰাবাহিকভাৱে চলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান - nagaon police anti drugs operation
নগাঁৱত আই পি এছ বিষয়া আনন্দ মিশ্ৰই আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিচতেই ড্ৰাগছ সৰবৰাহকাৰীৰ নিদ্ৰা হৰিছে ৷ বৃহস্পতিবাৰে জুৰীয়া আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । আৰক্ষীৰ জালত পৰিছে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷
নগাঁৱত ধাৰাবাহিক ভাবে চলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান
জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত অভিযান চলাই ৫০ হাজাৰ টকাৰ ব্ৰাউন চুগাৰ , AS-02D-3686 নম্বৰৰ এখন পালচাৰ বাইকৰ লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে আলিটাঙনীৰ পাৰবিচ আলম আৰু মাহগুৰিৰ আবু হানিফা ৷ অৱশ্যে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফকৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল ৷
লগতে পঢ়কঃ ৰাজ্যত আংশিক লক ডাউনে হ্ৰাস কৰিছে ক’ভিড-19 ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা