ধিঙত শুৰ পোকৰ আতংকঃ বিধ্বস্ত শ শ বিঘা মাকৈ খেতি - শুৰ পোকৰ আতংক
ধিঙৰ কান্ধুলিমাৰিত ধ্বংস শ শ বিঘা মাকৈ খেতি ধ্বংস ৷ কৃষকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি, নিৰ্বিকাৰ কৃষি বিভাগ ।
![ধিঙত শুৰ পোকৰ আতংকঃ বিধ্বস্ত শ শ বিঘা মাকৈ খেতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3331193-thumbnail-3x2-nklm.jpg)
বটদ্ৰৱা, 20 মে': ধান নহয়, এইবাৰ ধিঙৰ কান্ধুলিমাৰিত শ শ বিঘা মাকৈ খেতিত শুৰ পোকৰ আতংক। নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত বিশেষকৈ ধিঙৰ নৈ পৰীয়া কৃষক সকলে মৰাপাট খেতিৰ বিকল্প হিচাপে মাকৈ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱাৰ সময়তে কৃষকৰ সপোনলৈ নামি আহিছে অমানিশা ৷ লহপহকৈ বাঢ়ি অহা কৃষকৰ সপোনৰ শ শ বিঘা মাকৈ খেতি ধ্বংস কৰিছে শুৰ পোকে। যাৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ ইপিনে গাঠিৰ ধন ভাঙি কান্ধুলিমাৰিৰ কৃষকে কৰা মাকৈ খেতিত শুৰ পোকে তাণ্ডৱ চলোৱা দেখিও কৃষকক উদ্ধাৰৰ বাবে বিয়াগোম কৃষি বিভাগৰ লোক আগবাঢ়ি নহাত এতিয়া বিবুধিত পৰিছে কৃষকসকল ৷