অসম

assam

ETV Bharat / state

Maan Attack in Assam: পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী - Srimanta Sankardev Sangha

অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷

Nagaon
Nagaon

By

Published : Nov 20, 2022, 6:30 PM IST

চামগুৰি, ২০ নৱেম্বৰ :পুৰণি দিনৰ গাৰ নোম শিয়ৰি উঠা এক ভয়াৱহ ঘটনাৰ সাক্ষী আছিল পুৰণিগুদাম কাষৰিগাঁৱৰ ৰাইজ (Maan Attack in Assam) ৷ অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷

পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী

দিনৰ ভাগতো জয়াল পৰিৱেশে বিৰাজ কৰিছিল বিস্তীৰ্ণ এলেকাটোত ৷ এইখন ঠাইতে এটাৰ পাছত এটাকৈ বহু ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ বহু মানুহৰ মৃত্যু হৈছে ৷ পৰৱৰ্তী সময়ত এই জয়াল আৰু ভয়াৰ্ত পৰিৱেশটোৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় ৰাইজে ইয়াত নিৰ্মাণ কৰে এটা সাৰ্বজনীন শিৱ মন্দিৰ ৷ চাৰি শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে সম্প্ৰতি মন্দিৰটো তাৰ পৰা স্থানান্তৰ কৰা হৈছে ৷

আনহাতে, ইয়াতে আছে ১৯৩৮ চনতে নিৰ্মাণ কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ (Srimanta Sankardev Sangha) দ্বিতীয়টো নামঘৰ ৷ ৰাইজৰ দান-বৰঙনিৰে এই নামঘৰটো নিৰ্মাণ কৰিছে কাষৰিগাঁৱৰ স্থানীয় ৰাইজে ৷

বৰ্তমান অঞ্চলটোৰ ৰাইজে দুখৰ স্মৃতি বিজড়িত যাঁকি দিয়া ঠাইখনত এটি স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ বিনম্ৰ আহ্বান জনাইছে (appeal to Maan attack memorial in Puranigudam) ৷

উল্লেখ্য, এক পাৰিবাৰিক সংঘাতৰ ফলত ৰজা পূৰ্ণানন্দ বুঢ়াগোঁহাইক এশিকনি দিবৰ বাবে মান আছিল বদন বৰফুকনে । যি মানৰ আক্ৰমণত ত্ৰাহি মধুসূদন দেখিবলগা হৈছিল অসমৰ সৰ্বাসাধাৰণে । এবাৰ দুবাৰ নহয় তিনিবাৰকৈ মানে অসম আক্ৰমণ কৰিছিল । মানৰ আক্ৰমণৰ সময়ৰ সেই ভয়াৱহতা আৰু নিৰ্মম অত্যাচাৰৰ পৰা মুক্তি পাবলৈ অৱশেষত ইংৰাজ সেনাৰ শৰণাপন্ন হ'বলগা হৈছিল আহোম ৰজাই ।

তাৰ পৰিণতিতেই ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুযায়ী অবিভক্ত অসম দেশ ইংৰাজৰ দখললৈ যায় । আনহাতে, মানৰ তৃতীয় আক্ৰমণৰ সময়ত ১৮২১ চনত মান সেনা পিছহুঁহকিবলৈ বাধ্য হয় । সেই সময়ছোৱাত মানৰ অত্যাচাৰ আছিল অধিক নৃশংস । জনশ্ৰুতি অনুসৰি এই পুৰণিগুদামৰ কাষৰিগাঁৱতে মান সেনাই পৰাজয়ৰ পোতক তুলিছিল সাধাৰণ ৰাইজৰ ওপৰত ।

ইয়াতে এটা চাংঘৰ সদৃশ ঘৰ সাজি তাত নিৰ্মম অত্যাচাৰ চলাইছিল সাধাৰণ মানুহৰ ওপৰত । আনকি ঘৰটোৰ ভিতৰত জীৱন্তে মানুহ ভৰাই তাত আৰু তলত খৰি-খেৰ দি জুই জ্বলাই দি অগ্নিদগ্ধ কৰিছিল নিৰপৰাধী লোকক । ইয়াকে যাঁকি দিয়া বুলি কোৱা হয় ।

লগতে পঢ়ক :Tribute to Barpeta satra burha satriya: বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

For All Latest Updates

ABOUT THE AUTHOR

...view details