অসম

assam

ETV Bharat / state

এমাহত ৫১,৭২৮ টকাৰ বিদ্যুৎ কোনে খৰচ কৰিলে ? - apdcl sends electricity bills over 52thousands each month in nagaon etv bharat news

বিদ্যুৎ বিলক লৈ এতিয়া বিদ্যুৎ বিভাগ তৎপৰ হৈ পৰা দেখা গৈছে ৷ কাকো ৰেহাই নিদিয়ে শক্তিমন্ত্ৰীয়ে ৷ বিদ্যুতৰ বিল দিবই লাগিব ৷ এজন ব্যক্তিয়ে শক্তি বিভাগৰ কৃপাত এমাহত ভৰিব লাগিব ৫১,৭২৮ টকা ৷ অৱশ্যে তেৱেঁই নহয়, গাঁওখন আৰু কেইবাজনো ব্যক্তিৰ নামত আহিল বহু হাজাৰ টকাৰ বিল ৷

apdcl sends electricity bills over 52thousands each month in nagaon
APDCLৰ আজৱকাণ্ড: এমাহত বিল হাজাৰৰো অধিক

By

Published : Jul 11, 2021, 10:37 PM IST

চামগুৰি, 11 জুলাই :নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ছোটকন্দলীত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী বিদ্যুৎ উপ সংমণ্ডলৰ আজৱ কাণ্ডই সম্প্ৰতি বিপাঙত পৰিছে একাংশ বিদ্যুতৰ গ্ৰাহক ৷ এই অভিযোগ উত্থাপন কৰিছে ছোটকন্দলীবাসীয়ে ৷

অভিযোগ অনুসৰি, বিদ্যুত বিভাগৰ এচাম কাণ্ডজ্ঞানহীনতাৰ বাবে উপভোক্তালৈ এমাহত বিল আহে হাজাৰৰ ঘৰত ৷ এ পি ডি চি এল(APDCL)ৰ আজৱ কাণ্ডত ক্ষুব্ধ হৈ পৰিছে ছোটকন্দলীৰ ভুক্তভোগী ৰাইজ ৷ ইমানৰ পাচতো গা লৰা নাই কোম্পানীটোৰ কৰ্ম-কৰ্তা সকলৰ ৷

অভিযোগ অনুসৰি, ছোটকন্দলীৰ এজন বিদ্যুৎ গ্ৰাহকলৈ এমাহত বিল আহিছে ৫১,৭২৮ টকা ৷

কেৱল এঘৰ বা দুঘৰতে নহয়, ছোটকন্দলীৰ বহু কেইটা পৰিয়াললৈ আহিছে হাজাৰৰ ওপৰত বিদ্যুতৰ মাচুল ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালৰ পোহপাল দিয়া ছোটকন্দলীৰ বহু কেইটা পৰিয়াল ৷ বিদ্যুৎ বিভাগৰ এই কৰ্ম-কাণ্ড দেখি চকু কপালত উঠিছে সচেতন মহলৰো ৷

APDCLৰ আজৱকাণ্ড: এমাহত বিল হাজাৰৰো অধিক

আনকি, মিটাৰ ৰিডিং কৰিবলৈ বিদ্যুত বিভাগৰ কোনো লোক নাযায় এই অঞ্চলটোলৈ ৷ এই অভিযোগ তৰিছে ছোটকন্দলীৰ স্থানীয় ৰাইজে ৷ বৰ্ধিত হাৰত বিদ্যুতৰ বিল দেখি যাৰ ফলত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷

উল্লেখ্য যে, বিদ্যুতৰ মাচুলে এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ ৷ ইফালে এ পি ডি চি এলৰ(APDCL) ময়-মতালি আৰু দায়িত্বজ্ঞানহীন কাণ্ডক লৈ সৰ্বত্ৰে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এই ক্ষেত্ৰত এ পি ডি চি এলৰ এনে জনবিৰুধী নীতিৰ বিৰুদ্ধে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ হস্তক্ষেপ বিচাৰিছে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ছোটকন্দলীৰ ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক:ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

ABOUT THE AUTHOR

...view details