নগাঁও, 13 জুনঃ বৈদ্যুতিক বিলৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। নগাঁও বিদ্যুৎ বিভাগে সংঘটিত কৰা এক আজৱ ঘটনাই চকু কঁপালত তুলিব আপোনাৰো ।
নগাঁও বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড: এমাহত আছু নেতাৰ বিল আহিল ৮ লাখ টকা! - apdcl harass customer
নগাঁও বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিদ্যুৎ বিলৰ নামত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ । এমাহত আছু নেতাৰ ঘৰৰ বিদ্যুতৰ বিল আহিল ৮ লাখ টকা ।
নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াৰ পিতৃৰ নামত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এমাহৰ বিল প্ৰেৰণ কৰিছে ৮ লাখ ৪৮ হাজাৰ ৫৬৮ টকা। অহা ২৪ জুনৰ ভিতৰত এই বৃহৎ পৰিমাণৰ বিল আদায়ৰ বাবে প্ৰেৰণ কৰিছে মোবাইলত এচএম এচ । মে' মাহত পৰিয়ালটোৱে পৰিশোধ কৰিছিল ৬ হাজাৰ টকাৰ বিদ্যুৎ মাচুল। এমাহত ৬ হাজাৰ টকাৰ বিল পৰিশোধ কৰাৰ পিছত এইবাৰ ৮ লাখ টকাৰ বিল প্ৰেৰণ কৰাত এতিয়া বিভাগটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে পৰিয়ালটো । কেৱল এয়াই নহয়, লক ডাউনৰ সময়ছোৱাত শক্তি বিতৰণ কোম্পানীটোৱে বহু পৰিয়ালৰ পৰাই অত্যাধিক বিল আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়কঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ