কলিয়াবৰ, ১০ ডিচেম্বৰ: ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে শনিবাৰে আয়োজন কৰা হয় অন্ধবিশ্বাস বিৰোধী দিৱস । ভাষাৰ ওজাগৰাকীৰ ১০ ডিচেম্বৰৰ জন্মদিনৰ প্ৰাকক্ষণত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মা ।
শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাৰ গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ'বলৈ আহ্বান জনাই । এক মনোগ্ৰাহী উপস্থাপনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ লোকসকলক অন্ধবিশ্বাসৰ সৃষ্টি আৰু ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ পৰিত্ৰাণ বাবে সকলোকে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগ বাঢ়িবলৈ আহ্বান জনায় । প্ৰাৰম্ভতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে ।
তেওঁ কয় হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়-অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উচৰ্গা কৰিছিল এই জীৱন । সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম । বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি । ৰক্ষণশীল সমাজত আছিল কেৱল বাধা । তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল ।