জখলাবন্ধাত মহকুমা প্ৰশাসনৰ উদ্যোগত তীব্ৰতৰ প্লাষ্টিক বিৰোধী অভিযান - Koliabor news
পলিথিন ব্যৱহাৰ নিষিদ্ধ কৰি গ্ৰাহক আৰু ব্যৱসায়ী প্ৰতিষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনৰ বৃদ্ধি সজাগতা অভিযান ৷ জখলাবন্ধাৰ বিভিন্ন বাণিজ্যিক কেন্দ্ৰত মহকুমা প্ৰশাসনে চলালে প্লাষ্টিক বিৰোধী অভিযান ৷

কলিয়াবৰ, 1 ছেপ্তেম্বৰঃ গান্ধী জয়ন্তীৰ দিনাই আনুষ্ঠানিকভাৱে প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ দিশত আগবঢ়াৰ কেন্দ্ৰ চৰকাৰৰ পৰিকল্পনা গ্ৰহণৰ প্ৰাকক্ষণত কলিয়াবৰ মহকুমা প্ৰশাসনে জখলাবন্ধা আৰক্ষীৰ সহযোগত অঞ্চলটোৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাৰ গ্ৰাহক আৰু ব্যৱসায়ীসকলক প্লাষ্টিক বৰ্জনৰ বাবে দেওবাৰে এক বিশেষ জনসচেতনতা কাৰ্যসূচী ৰূপায়ণ কৰে । ইতিমধ্যে পলিথিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বেও কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল যদিও বিভিন্ন কাৰণত এই নিৰ্দেশ কাৰ্যকৰী হোৱা নাছিল । দেওবাৰৰে পৰা সেই নিৰ্দেশ পালনৰ ক্ষেত্ৰত যাতে কোনো হীন-দেৰি নহয় তাৰ বাবে ব্যৱসায়ী আৰু গ্ৰাহকসকলক প্ৰশাসনৰ পৰা অৱগত কৰা হয় । মহকুমা প্ৰশাসনৰ এই নিৰ্দেশ অমান্য কৰিলে পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপৰ সন্মুখীন হ'ব লাগিব বুলিও প্ৰশাসনৰ ফালৰ পৰা সকীয়াই দিয়া হয় । অভিযানৰ সময়ত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ভালেমান প্লাষ্টিকৰ সামগ্ৰীও জব্দ কৰা হয় ৷