বঢ়মপুৰ/গুৱাহাটী, 24 এপ্ৰিল :ৰাজ্যৰ দুই পৃথক স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation of Assam police) ৷ কচুৱা আৰু মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিলে সফলতা ৷
নগাঁৱৰ কচুৱাৰ গেৰজাইপামত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে চাৰিটাকৈ সৰবৰাহকাৰী(Drugs paddler arrested in Nagaon) ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান ৷ ইতিমধ্যে আটকাধীন চাৰিওটা সৰবৰাহকাৰীৰ মাজৰ পৰা কামৰুল ইছলাম নামৰ এজনক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
কচুৱাত ড্ৰাগছ সৰবৰাহকাৰী আটক অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত বাকী সৰবৰাহকাৰী কেইটাৰ নাম প্ৰকাশৰ পৰা বিৰত আছে ৷ ইয়াৰ বিপৰীতে আন তিনি সৰবৰাহকাৰীৰ জেৰা অব্যাহত আছে ৷ ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ কবলৰ পৰা কচুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে 34 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ(34 Containers full of drugs seized in Nagaon) ৷
ইফালে সাতগাঁও আৰক্ষীৰ সহযোগত মধ্য আৰক্ষী মণ্ডলৰ বিশেষ আৰক্ষী অভিযানকাৰী(SOG) দলে চলোৱা আন এক পৃথক অভিযান(Anti drugs operation in Guwahati)ত শনিবাৰে সাতগাঁও, নোৱাপাৰা মিলিজুলি অঞ্চলৰ পৰা জব্দ কৰা হয় ড্ৰাগছ ৷ অভিযানকাৰী দলটোৱে ঘটনা সন্দৰ্ভত দুটাকৈ সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে সাতগাঁও অঞ্চলৰ ৰোহিত আলী(24) আৰু নুৰ আহমেদ(28) ।
সাতগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, সাতগাঁও নোৱাপাৰাৰ ৰোহিত আলীয়ে দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ বেহাত জড়িত হৈ আছিল । আৰক্ষীয়ে পূর্বেও ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ বাবে ৰোহিত আলীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু কাৰাগাৰৰ পৰা ওলাই পুনৰ একে কাৰ্যত জড়িত হৈ পৰে সৰবৰাহকাৰীটো ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ কবলৰ পৰা জব্দ কৰে প্ৰায় 2.5 গ্ৰাম ড্ৰাগছৰ লগতে কেইবাটাও কণ্টেইনাৰ, দুটা ম’বাইল ফোন আৰু এখন স্কুটী ৷
লগতে চাওক:চূড়াইবাৰীত তিনি লক্ষাধিক মূল্যৰ ফেন্সিডাইল জব্দ