নগাঁও, ৯ ফেব্ৰুৱাৰীঃ শনিবাৰে নগাঁৱৰ ছোটহয়বৰ অঞ্চলত একাংশ লোকৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী সজাগতা সভা । এই অনুষ্ঠানতেই অংশ গ্ৰহণ কৰি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিয়ে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ বিশেষ অভিযানকাৰী দল গঠন কৰাৰ সমান্তৰালকৈ এই সজাগতা সভা অনুষ্ঠিত কৰা হয় ।