কামপুৰ, 24 জানুৱাৰীঃবঢ়মপুৰৰ কামপুৰত শুকুৰবাৰে অনুষ্ঠিত হয় দুখনকৈ CAA বিৰোধী সভা ৷ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ কৰ্মকৰ্তা সকলে, ছহীদ বেদী,বিষ্ণু ৰাভা আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ লগতে CAA বিৰোধী আন্দোলনত শ্বহীদ হোৱা ৫ জন শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ৷ এই সভাত উপস্থিত থাকে গণশিল্পী সূৰ্য দাস, সাংবাদিক অজিত ভূঞা,লাচিত সেনাৰ নেতা শৃংখল চলিহা, AJYCP ৰ সভাপতি পলাশ চাংমাই, KMSS ৰ সভাপতি ৰাজু বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
শুকুৰবাৰে বঢ়মপুৰৰ কামপুৰত অনুষ্ঠিত হয় দুখনকৈ CAA বিৰোধী সভা
বঢ়মপুৰৰ কামপুৰত শুকুৰবাৰে অনুষ্ঠিত হয় দুখনকৈ CAA বিৰোধী সভা ৷ সভা দুখনত বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তা, জ্যেষ্ঠ সাংবাদিক, শিল্পীকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
CAA বিৰোধী সভা
আনহাতে একেদিনাই কামপুৰৰ লংজাপতো আন এখন CAA বিৰোধী সভা অনুষ্ঠিত হয় ৷ এই সভাত সাংবাদিক মনজিৎ মহন্ত, শিল্পী মহেন্দ্ৰ হাজৰিকা লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক ঃউচ্চতম ন্যায়ালয়ে CAA মানি ল'লে ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব : দ্বিগ্বিজয়