নিউজ ডেস্ক, 31 আগষ্ট :চৰকাৰী সমিধানৰ বাবে অপেক্ষা কৰি অৱশেষত শেষ নিঃস্বাস ত্যাগ কৰিলে বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ অন্তৰ্গত নগাঁও পেপাৰ মিলৰ আন এগৰাকী কৰ্মচাৰী ৷ ৰাজ্যৰ দুয়োটা পেপাৰ মিল সম্পূৰ্ণৰূপে অক্ষম হৈ পৰাৰ পিছত বৰ্তমানলৈকে ইয়াত কৰ্মৰত 93 গৰাকীকৈ কৰ্মচাৰীয়ে মৃত্যুক সাৱতি লৈছে ৷
নগাঁও আৰু কাছাৰ পেপাৰ মিলৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক ইউনিয়নৰ যুটীয়া কাৰ্যকৰী সমিতি অধ্যক্ষ 62 বৰ্ষীয় কুমাৰ মজুমদাৰৰ উচ্চ ৰক্তচাপ আৰু হৃদৰোগজনিত সমস্যাৰ বাবে মৃত্যু হয় ৷ উপযুক্ত চিকিৎসাৰ অভাৱতে মৃত্যুক সাৱতি লয় কুমাৰ মজুমদাৰে ৷ প্ৰয়াত মজুমদাৰৰ ঘৰত তেওঁৰ পত্নী আৰু পুত্ৰ আছে ৷
শ্ৰমিক ইউনিয়নৰ যুটীয়া কাৰ্যকৰী সমিতিৰ আন এগৰাকী অধ্যক্ষ মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয়, ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছতো এইটো অষ্টমটো কৰ্মচাৰীৰ মৃত্যুৰ ঘটনা ৷
পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া শাসনকালত জাগীৰোড আৰু কাছাৰ পেপাৰ মিলত কৰ্মৰত প্ৰায় 85 গৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছিল ৷ এইসকলৰ অধিকাংশই আৰ্থিক অনাটন নতুবা চিকিৎসাৰ অভাৱতে মৃত্যু হৈছে বুলি জনায় মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷ "আমাৰ অধিকাংশ কৰ্মচাৰীৰে মৃত্যু উপযুক্ত চিকিৎসাৰ অভাৱত হৈছে, কিয়নো তেওঁলোকে যোৱা 55 মাহৰ পৰা দৰমহা অথবা বকেয়া ধন লাভ কৰা নাই ৷ এয়া কোনো সামান্য সমস্যা নহয় ৷ চৰকাৰৰ উদাসীনতাৰ বাবেই আমাৰ কৰ্মচাৰীসকলৰ মৃত্যু হৈছে", এনেদৰে কয় মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷
লগতে পঢ়ক :কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
চক্ৰৱৰ্তীয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰি কৰ্মচাৰীসকলৰ সকলো আইনী প্ৰাপ্য মুকলি দি তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে, হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামৰ কাছাৰ পেপাৰ মিল আৰু মিৰগাঁও জিলাৰ নগাঁও পেপাৰ মিল দুটা ক্ৰমে 2015 আৰু 2017 চনৰ পৰা বন্ধ হৈ আছে ৷
2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’লে দুয়োটা পেপাৰ মিল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি চৰকাৰখনে ৷ কিন্তু বিগত 5 টা বছৰত মিল দুটা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আছিল সম্পূৰ্ণ নিস্ক্ৰীয় ৷ আনকি 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপি চৰকাৰে পুনৰবাৰ মিল দুটা পুনৰ আৰম্ভ কৰিব বুলি নিৰ্বাচনী ৰেলীত ঘোষণা কৰিছিল ৷