নগাঁও, 23 মে’:বটদ্ৰৱা থানা আক্ৰমণৰ নতুন মোৰ(Mob torched Batadrava police station) ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আন আন মন্ত্ৰী-বিধায়কসকলে ৷ সমান্তৰালকৈ ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিং ৷
আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত 21 জনকৈ অপৰাধীক ইতিমধ্যে কৰায়ত্ত কৰিছে ৷ থানা জ্বলোৱা(Fire in Batadrava police station) ৰ দৰে অনাকাংক্ষিত ঘটনাত জড়িত আন এজন অভিযুক্তক কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে ৷ এই সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে চুলতান আলী নামৰ অভিযুক্তটোক(Another person arrested for batadrava PS incident) ৷