অসম

assam

ETV Bharat / state

কামপুৰত বিনামূলীয়া পশু চিকিৎসা শিৱিৰৰ আয়োজন - ঔষধ বিতৰণ

বানপীড়িত অঞ্চলৰ লোকৰ সুবিধাৰ্থে কামপুৰত শনিবাৰে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ নগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এক বিনামূলীয়া পশু চিকিৎসা শিৱিৰ ৷ বানৰ পাচত হোৱা পশুধনৰ বিভিন্ন ৰোগৰ লগতে কেনেদৰে সজাগতা অৱলম্বন কৰিব পাৰি সবিশেষ জনোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় ৷

ANIMAL MEDICAL CAMP
ANIMAL MEDICAL CAMP

By

Published : Aug 9, 2020, 5:09 AM IST

বঢ়মপুৰ, 8 আগষ্ট : কপিলী আৰু বৰনৈৰ বানে ধুৱাই যোৱা কামপুৰত শনিবাৰে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ নগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এক বিনামূলীয়া পশু চিকিৎসা শিৱিৰ ৷ বানপীড়িত অঞ্চলৰ লোকৰ সুবিধাৰ্থে এই বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে কামপুৰৰ পলশা গাঁৱত ৷ এই শিৱিৰত বানৰ পাচত হোৱা পশুধনৰ বিভিন্ন ৰোগৰ লগতে কেনেদৰে সজাগতা অৱলম্বন কৰিব পাৰি সবিশেষ জনোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় ৷

কামপুৰত বিনামূলীয়া পশু চিকিৎসা শিৱিৰৰ আয়োজন

সভাৰ মাজতে বানৰ সময়ত চৰকাৰে পশু খাদ্য যোগান ধৰাত কৃপণালি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ গছপুলি ৰোপন কৰি আৰম্ভ কৰা সজাগতা সভা খনত কঠিয়াতলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মুনিন্দ্ৰ ভট্টাচাৰ্য, নগাঁও জিলা পশু বিষয়া, বহু কেইজন চিকিৎসকৰ লগতে নগাঁও পশু চিকিৎসা সেৱাৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক :সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ 'পথাৰলৈ বলক' কাৰ্যসূচী ৰূপায়ন

ABOUT THE AUTHOR

...view details