অসম

assam

ETV Bharat / state

ধিং নগৰত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল'লে বিধায়িকা আঙুৰলতাই - ধিং নগৰত উপস্থিত বিধায়িকা আঙুৰলতা

বিধ্বংসী অগ্নিকাণ্ডই ভস্মীভূত কৰা ধিং নগৰৰ মধ্য গলিত শুক্ৰবাৰে উপস্থিত হয় বিধায়িকা আঙুৰলতা ডেকা । ভয়াৱহ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'লে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে নিশা অগ্নিকাণ্ডত ৭ খন দোকান জাহ গৈছিল ।

ধিং নগৰত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল'লে বিধায়িকা আঙুৰলতাই
ধিং নগৰত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল'লে বিধায়িকা আঙুৰলতাই

By

Published : Jan 15, 2021, 5:50 PM IST

ধিং, ১৫ জানুৱাৰী: ধিং নগৰৰ মধ্যগলিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । বিধ্বংসী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল ৭ খন দোকান । শুক্ৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলক সাক্ষাৎ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।

ধিং নগৰত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল'লে বিধায়িকা আঙুৰলতাই

লগতে ব্যৱসায়ীসকলে যাতে পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে সহায়-সহযোগিতা আগবঢ়াৱ বুলিও আশ্বাস দিয়ে বিধায়িকাগৰাকীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰৰ অগ্নিকাণ্ডত ৫০ লাখৰো অধিক টকাৰ সা-সম্পত্তি জ্বলি ছাৰখাৰ হৈছিল । কাপোৰৰ দোকান, গেলামাল দোকান মণিহাৰী দোকানসহ মুঠ ৭ খন দোকান সম্পূৰ্ণৰূপে জাহ যায় ।


লগতে পঢ়ক:মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী

ABOUT THE AUTHOR

...view details