বটদ্ৰৱা , 7 জুন : দৰিদ্ৰ শিক্ষার্থী আৰু দুৰাৰোগ্য ৰোগীৰ ঘৰত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । সম্বর্ধনা জনোৱাৰ লগতে আগবঢ়ালে আৰ্থিক সাহাৰ্য ।
সমষ্টিবাসীৰ ঘৰে ঘৰে বিধায়িকা আঙুৰলতা - BJP MLA
বিধায়িকাগৰাকীয়ে শিক্ষার্থীক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগবঢ়ালে কিছু আৰ্থিক সাহায্য । লগতে সমষ্টিৰ কেইবাগৰাকী দুৰাৰোগ্য ৰোগীৰ কাষত উপস্থিত হৈ মূখ্যমন্ত্ৰী সাহায্য পুজিৰ পৰা 25 হেজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়িকা গৰাকীয়ে
ETV BHARAT
আৰ্থিক অভাৱৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলিকি উঠা শিক্ষার্থীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে দলীয় কৰ্মী সকল । উপস্থিত হৈ শিক্ষার্থীক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগবঢ়ালে কিছু আৰ্থিক সাহাৰ্য । লগতে সমষ্টিৰ কেইবাগৰাকী দুৰাৰোগ্য ৰোগীৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুজিৰ পৰা 25 হেজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়িকা গৰাকীয়ে ৷