অসম

assam

ETV Bharat / state

কোটি টকীয়া দুৰ্নীতিৰে কি সম্পৰ্ক আঙুৰলতা-আকাশদ্বীপৰ ?

বটদ্ৰৱা সমষ্টিত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ প্ৰায় ২০ কোটি টকা কাৰ জেপত ৷ প্ৰধান শিক্ষকক অন্ধকাৰত ৰাখি কোনে চলাইছে লুণ্ঠন ৷ শিক্ষানুষ্ঠানৰ ধন আত্মসাতৰ অভিযোগ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী তথা অভিনেতা আকাশদ্বীপৰ বিৰুদ্ধে । তিনি বছৰে নিৰ্মাণ নহ’ল বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা, শৌচাগাৰ ।

By

Published : Aug 11, 2021, 10:24 PM IST

আঙুৰলতাৰ স্বামীৰ বিৰুদ্ধে শিক্ষানুষ্ঠানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ
আঙুৰলতাৰ স্বামীৰ বিৰুদ্ধে শিক্ষানুষ্ঠানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

নগাঁও,11 আগষ্ট : চন ২০১৬ , আঙুৰলতা ডেকা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা নিৰ্বাচিত হৈয়েই সমষ্টিটোৰ বহু সংখ্যক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ নামত MSDP আচঁনিৰ অধীনত ধাৰ্য কৰিছিল কোটি কোটি টকাৰ কাম । সেই মতেই ২০১৮-২০১৯ বৰ্ষত চৰকাৰৰ পৰা আৱণ্টিত হ’ল কেইবা কোটি টকা । সিমানলৈকে সকলো ঠিকে আছিল ৷ কিন্তু আজি তিনিটা বছৰ পাছতহে পোহৰলৈ আহিছে এই আচঁনি ৰূপায়নৰ নামত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ তথ্য ।

আঙুৰলতাৰ স্বামীৰ বিৰুদ্ধে শিক্ষানুষ্ঠানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা, শৌচাগাৰ নিৰ্মাণ কমিটিৰ বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী তথা অভিনেতা আকাশ দ্বীপ ডেকাই এই আচঁনি ৰূপায়ন কৰাৰ নামত বৃহৎ দুৰ্নীতিৰ জাল মেলাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে । ইয়াৰ লগত নাম সাঙোৰ খাইছে বটদ্ৰৱা উন্নয়ন খণ্ডৰ অভিযন্তাৰ নামো । এই বৃহৎ কেলেংকাৰীৰ ঘটনাত ইতিমধ্যে সন্দেহৰ আঙুলি উঠিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতিও ।

কিয়নো আঙুৰলতা ডেকা বিধায়িকা হৈ থকাৰ সময়তেই আৱণ্টিত হৈছিল এই আচঁনিৰ ধন । অকল আঙুৰলতা ডেকা আৰু স্বামী আকাশ দ্বীপ ডেকাই নহয়, এই দুৰ্নীতিত নাম সাঙোৰ খাইছে বিজেপিৰ বটদ্ৰৱা সমষ্টিৰ কেইবাজনো নেতা-পালিনেতাৰ ।

২০১৮-২০১৯ বৰ্ষত প্ৰয়োজনীয় অপ্ৰয়োজনীয় বহু বিদ্যালয়ৰ নামত আৱণ্টিত হৈছিল কোটি কোটি টকা । কিন্তু এই আচঁনিৰ সন্দৰ্ভত অতি ৰহস্যজনকভাৱে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি কাম নকৰাকৈ ধন আত্মসাত কৰাৰ অভিযোগ সমষ্টিবাসীৰ মুখে মুখে ।

আঙুৰলতাৰ স্বামীৰ বিৰুদ্ধে শিক্ষানুষ্ঠানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

লগতে পঢ়কঃ হোজাইত স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উদযাপন

অতি পৰিতাপৰ কথা যে, অধিকাংশ বিদ্যালয়ৰ নিৰ্মাণ সমিতিৰ সদস্য সচিব প্ৰাক্তন বিধায়িকাৰ স্বামী আকাশদ্বীপ ডেকা । আন কেইবাখনো সমিতিত আছে আঙুৰলতাৰ আৰু আকাশদ্বীপৰ সোঁৱে-বাঁৱে তথা আঙুৰলতাৰ ঘনিষ্ঠ নেতা-পালিনেতাৰ নাম । মনকৰিবলগীয়া যে, আজি তিনিটা বছৰে কোনো এখন বিদ্যালয়ৰ কৰ্তৃপক্ষই নাজানে নিজ নিজ বিদ্যালয়ৰ নামত আৱণ্টিত আচঁনি আৰু আচঁনিৰ ধনৰ কথা ।

ইপিনে দুই এখন বিদ্যালয়ত নাম মাত্ৰ কাম কৰিছে যদিও অধিকাংশ বিদ্যালয়ত কাম ON-GOING দেখুৱাই ধন আদায় কৰা হৈছে ৷ কিন্তু কামৰ নামত ইটা এচটাও পৰা নাই । সমষ্টিবাসীক অন্ধকাৰত ৰাখি সংঘটিত কৰা এনে ভয়ংকৰ কেলেংকাৰীৰ ঘটনাই এতিয়া আচৰিত কৰি তুলিছে সকলোকে ।

ইয়াৰ পাছত সততে শূণ্য সহনশীলতাৰ কথা কৈ থকা মুখ্যমন্ত্ৰী গৰাগীয়ে কি ক’ব বটদ্ৰৱাৰ এই দুৰ্নীতি সন্দৰ্ভত ৷ ব্যৱস্থা গ্ৰহণ কৰিব নে আঙুৰলতা, আকাশদ্বীপসহ বিজেপিৰ সাংগু-পাংগু নেতাৰ বিৰুদ্ধে । সেয়া সময়তহে পোহৰলৈ আহিব ৷


লগতে পঢ়কঃ কৃষিমন্ত্ৰী মহোদয়, কৃষকক বিতৰণ কৰা হৈছে পচা ৰাসায়নিক সাৰ

ABOUT THE AUTHOR

...view details