অসম

assam

ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 7, 2021, 9:12 PM IST

বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছ মহাজোঁটে এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাত সন্তোষ ব্য়ক্ত কৰে বটদ্ৰৱাৰ বিধায়িকা তথা বৰ্তমান বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই ৷ আহুৰলতাই কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাক শুভেচ্ছা প্ৰদান কৰাৰ লগতে সমষ্টিটোৰ পৰা তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

ANGROOLATA ELECTION CAMPAIGN AT BATADOWA IN NAGAON
ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, 7 মাৰ্চ :সমাগত বিধানসভা নির্বাচন । ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে গুৰুজনা জন্মস্থান বটদ্ৰৱা সমষ্টিতো দেওবাৰে প্রথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে বিধায়িকা আঙুৰলতা ডেকাই । প্ৰায় সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ ধিং আৰু বটদ্ৰৱাত মাৰথান প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতাই । দলীয় সমৰ্থকৰ উষ্ম আদৰণি আৰু আনন্দ উল্লাসৰ মাজেৰে ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত মাৰাথান দৌৰেৰে উপস্থিত হৈ আৰ্শীষ গ্রহণ কৰে আঙুৰলতাই । ইয়াৰ মাজতে বিধায়িকা গৰাকীয়ে স্বভাৱ সুলভ ভংগীমাৰে নাচি বাগি দলীয় সমৰ্থকৰ মনোবল বৃদ্ধি কৰা পৰিলক্ষিত হয় ।

ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, বিজেপি দলৰ পৰা টিকট লাভ কৰাৰ পাচত আজি বটদ্ৰৱাত উপস্থিত হয় আঙুৰলতা ৷ সমষ্টিত উপস্থিত হোৱাৰ পাছতেই নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ এইবাৰ নিৰ্বাচনত আঙুৰলতাই বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাকলৈ প্ৰশ্নৰ উত্থাপন হৈছিল ৷ কিন্তু এই সকলো প্ৰত্য়াহ্বান নেওচি আঙুৰলতাই সমষ্টিটোৰ পৰা পুনৰ বিজেপি দলৰ হৈ টিকট লাভ কৰাত দলটোৰ নেতা কৰ্মীৰ মাজত আনন্দ উৎসাহৰ সৃষ্টি হয় ৷ দলৰ টিকট লাভ কৰাৰ পাছত নিৰ্বাচনটো ইতিবাচক ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশাবাদী আঙুৰলতা ৷ সমষ্টিটোৰ পৰা কংগ্ৰেছ মহাজোঁটে এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাত সন্তোষ ব্য়ক্ত কৰে বটদ্ৰৱাৰ বিধায়িকা তথা বৰ্তমান বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ তেওঁ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাক শুভেচ্ছা প্ৰদান কৰাৰ লগতে সমষ্টিটোৰ পৰা তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

লগতে পঢ়ক :অগপৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ..

ABOUT THE AUTHOR

...view details