বটদ্ৰৱা, 14 এপ্ৰিল : গৰু বিহুৰ সন্ধিয়া ঘৰে-ঘৰে হুঁচৰি গাইছে শিশুৰ পৰা ডেকালৈকে সকলোৱে ৷ পৰম্পৰাগত ভাৱে গৃহস্থৰ চোতালৰ বিহু নাম-হুঁচৰিৰে মুখৰিত কৰি তুলিছে বিহুৱা-নাচনীয়ে৷ হুঁচৰি দলৰ আশীষ ল'বলৈ আগবাঢ়ি আহিছে গৃহস্থ ৷
হুঁচৰি দলৰ আশীষ ল'লে বিধায়িকা আঙুৰলতা ডেকাই - angoorlata deka
গাঁৱৰ কণ কণ শিশু সকলৰ লগত ঢোল-তাল বজাই হুঁচৰি গাই আনন্দ কৰিলে বিধায়িকাগৰাকীৰ বাসভৱনত ৷
হুঁচৰি দলৰ আশীষ ল'লে বিধায়িকা আঙুৰলতা ডেকাই
বিহু হুঁচৰি দলৰ পৰা আশীষ ল'লে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকায়ো ৷ এই দৃশ্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ কপাহেৰাস্থিত বাসগৃহৰ । এনেদৰেই গাঁৱৰ কণ কণ শিশু সকলে কান্ধত ঢোল-তাল বজাই হুঁচৰি গাই আনন্দ কৰিলে বিধায়িকাগৰাকীৰ বাসভৱনত ৷ আঙুৰলতা ডেকায়ো হুঁচৰি দলৰ পৰা আঁঠু লৈ পৰম্পৰাগত ভাৱে ল'লে আশীষ ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন৷