অসম

assam

ETV Bharat / state

সমাগত দুৰ্গোৎসৱ: সাজু হৈ উঠিছে পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ প্ৰতিমা - দেৱী দুৰ্গাৰ প্ৰথমখনি কাঠৰ প্ৰতিমা

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্ত চলিছে পূজাৰ প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় ৰাজ্যৰ ভিতৰতে দেৱী দুৰ্গাৰ প্ৰথমখনি কাঠৰ প্ৰতিমা হিচাপে খ্যাত পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা থলী (Durga Puja Preparation at Puranigudam) ৷

Ancient wooden durga preparation at Puranigudam
সমাগত শাৰদীয় দুৰ্গোৎসৱ

By

Published : Sep 21, 2022, 2:00 PM IST

চামগুৰি, 21 ছেপ্টেম্বৰ :সমাগত শাৰদীয় দুৰ্গোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ৰাইজে আগন্তুক দুৰ্গোৎসৱক কেন্দ্ৰ কৰি চলাইছে পূৰ্ব-প্ৰস্তুতি । ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পুৰণিগুদামো (Clay idol of Goddess Durga) । ৰাজ্যৰ ভিতৰতে দেৱী দুৰ্গাৰ প্ৰথমখনি কাঠৰ প্ৰতিমা হিচাপে খ্যাত পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা থলীত এতিয়া দুৰ্গাপূজাৰ বাবে আৰম্ভ হৈছে ব্যপক প্ৰস্তুতি (Durga Puja Preparation at Puranigudam) ।

কিয়নো অমৰ শিল্পী লেৰেলা খনিকৰ তথা লেশধৰ শৰ্মাই বাৰিৰ বেল কাঠেৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি 1901 চনৰ পৰা দুৰ্গোৎসৱত পূজা-অৰ্চনা কৰি আহিছে ৷ লগতে দেৱীমাৰ কাঠৰ প্ৰতিমা ভাগ দৰ্শন তথা মাৰ সন্মুখত সেৱা ল’বলৈ প্ৰত্যক বছৰে ভিৰ কৰেহি সমগ্ৰ ৰাজ্যৰে বিভিন্নজন ভক্তই ।

পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ প্ৰতিমা

এই দুৰ্গোৎসৱ ভাগ ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বহু বাধ্য-বাধকতাৰ মাজেৰে বিগত দুটা বছৰ অতি অনুষ্টুপীয়াকৈ পাতিব লগীয়া হৈছিল ৷ কিন্তু এইবছৰ পুৰণিগুদামত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰাৰ দিহা কৰিছে উদ্যোক্তাসকলে ।

যাৰ পৰিপেক্ষিত দেৱীমাৰ কাঠৰ প্ৰতিমা (Devi Durga Idol) ভাগ এতিয়া ৰং-তুলিকা বোলোৱাত ব্যস্ত হৈ পৰিছে লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মা । বিগত 33 বছৰে মা দুৰ্গাৰ ঐতিহ্যমণ্ডিত কাঠৰ প্ৰতিমা ভাগক ৰং-তুলিকাৰ পৰশ দিয়া শৰ্মাৰ মতে প্ৰতিমা ভাগ আজিও অক্ষত ।

ইফালে 121 বছৰ গৰকা প্ৰতিমা ভাগ এইবছৰো ৰং-তুলিকাৰে নতুন ৰূপ দিয়াৰ সমান্তৰালভাৱে পূজা মণ্ডপৰ নিৰ্মাণকাৰ্যও এতিয়া উঠিছে তুংগত । আগন্তুক দুৰ্গোৎসৱৰ দিন কেইটাত পূৰ্বৰ দৰেই এইবেলিও ঐতিহ্যমণ্ডিত পূজা থলীখনত শাৰদীৰাণীক দৰ্শন তথা চৰণ তলত মূৰ দোৱাবলৈ বিভিন্ন প্ৰান্তৰ অজস্ৰজন ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিব বুলি আশাবাদী উদ্যোক্তা মণ্ডলীও ।

লগতে পঢ়ক :মহিষাসুৰ মৰ্দিনীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী দিলীপ পাল

ABOUT THE AUTHOR

...view details