ধিং, ৩ ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আঞ্চলিক ৰাজনৈতিক দলসমূহে । সমান্তৰালভাৱে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ চলাইছে । ইতিমধ্যে, সমষ্টিটোত আঞ্চলিক গণ মৰ্চা দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা এসময়ৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা লাচিত বৰদলৈয়ে বটদ্ৰৱা সমষ্টিত বিভিন্ন সভা-সমিতিত অংশ লৈ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।
আঞ্চিলক গণ মৰ্চাই সম্বোধন কৰা এক সংবাদমেলত নেতা গৰাকীয়ে সমষ্টিটোৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতা ডেকাক প্ৰত্যাহ্বান জনাই কয় যে, আগন্তুক নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থীক সমষ্টিটোৰ পৰা জয়ী কৰাৰ বাবে ৰাইজ একত্ৰিত হৈছে । বিজেপি দলক 'সাম্প্ৰদায়িক' আখ্যা দি তেওঁ কয় যে, বিজেপিক পৰাভূত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি এম, আঞ্চলিক গণ মৰ্চাই এক মহাজোঁট গঠন কৰিছে । এই মহাজোঁট একমাত্ৰ বিজেপিক পৰাভূত কৰিবলৈ গঠন হৈছে বুলি মন্তব্য কৰে লাচিত বৰদলৈয়ে ।