অসম

assam

By

Published : Nov 29, 2020, 12:34 PM IST

ETV Bharat / state

জুইৰ উম লওঁতেই অগ্নিদগ্ধ হ’ল মহিলা

শনিবাৰে নিশা নগাঁৱত জুই পুৱাই থকাৰ সময়তে অগ্নিদগ্ধ হয় এগৰাকী মহিলা ৷ অগ্নিদগ্ধ মহিলা গৰাকীক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ মহিলা গৰাকী এগৰাকী মানসিক ৰোগী বুলি সদৰি কৰে একাংশ স্থানীয় লোকে ৷

nagaon woman burn
নগাঁৱত মহিলা অগ্নিদগ্ধ

নগাঁও,29 নৱেম্বৰ : নগাঁৱত শনিবাৰে নিশা সংঘটিত হৈছে এক অগ্নিদগ্ধৰ ঘটনা ৷ জুই পুৱাই থকাৰ সময়তে অগ্নিদগ্ধ হয় এগৰাকী মহিলা ৷ শীত অহাৰ লগে লগে সকলোৱে শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ বিভিন্ন প্ৰকাৰে জুইৰ উম লোৱা পৰিলক্ষিত হয় ৷ নগাঁও পৌৰসভা কাৰ্যালয়ৰ সন্মুখত জুই পুৱাই থাকোতে অসাৱধানবশতঃ দেহত জুই লাগে মহিলাগৰাকীৰ ৷

নগাঁৱত মহিলা অগ্নিদগ্ধ

ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকৰ তৎপৰতাত সংকটজনক অৱস্থাত অগ্নিদগ্ধ মহিলা গৰাকীক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অৱশ্যে একাংশ স্থানীয় লোকে অগ্নিদগ্ধ মহিলা গৰাকী মানসিক ৰোগী বুলি সদৰি কৰে ৷

লগতে পঢ়ক :মৰিগাঁৱত আছুৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় নেতৃত্বক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details