অসম

assam

ETV Bharat / state

National Press Day 2022: 90 বছৰ বয়সতো সংবাদ সেৱা আগবঢ়োৱা ৰাজেন বৰকাকতিৰ কথাৰে...

বয়সেও বাধা দিব নোৱাৰা নগাঁৱৰ এগৰাকী বৰ্ষীয়ান সাংবাদিক। শাৰীৰিক বাধাকো নেওচি ৯০ বছৰ বয়সতো সক্ৰিয় সাংবাদিকতাত জড়িত এগৰাকী সাংবাদিক। ৯০ বছৰ বয়সতো হাতত কলম তুলি লৈ লিখি যায় ইটোৰ পিছত সিটো বাতৰি। বাতৰি লিখি এক সুকীয়া আনন্দ লাভ কৰে সাংবাদিকগৰাকীয়ে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত (National Press Day) এইগৰাকী বৰ্ষীয়ান সাংবাদিকৰ কথাৰে ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Senior journalist Rajen Barkakoty
National Press Day 2022

By

Published : Nov 16, 2022, 7:28 PM IST

নগাঁও, 16 নৱেম্বৰ: নগাঁৱৰ এগৰাকী অশীতিপৰ সাংবাদিক ৰাজেন বৰকাকতি (Senior journalist Rajen Barkakoty)। বয়স ৯০ বছৰ হ’লেও হাতত কলম তুলি ল’লেই যেন তৰুণ হৈ পৰে এইগৰাকী ৰাজেন বৰকাকতি । বয়স, শাৰীৰিক বাধা সকলোকে নেওচি আজিও সক্ৰিয় সাংবাদিকতাত জড়িত হৈ আছে নগাঁৱৰ এইজন জ্যেষ্ঠ সাংবাদিক । ১৯৩২ চনত নগাঁৱৰ শেনচোৱাত জন্মগ্ৰহণ কৰা ৰাজেন বৰকাকতি পৰৱৰ্তী সময়ত নগাঁও চহৰৰ নতুন আমোলাপট্টিৰ স্থায়ী বাসিন্দা হয় ।

৫০ ৰ দশকত কলেজীয়া জীৱনৰ পৰাই সক্ৰিয় সাংবাদিকতা আৰম্ভ কৰা ৰাজেন বৰকাকতিয়ে দৈনিক জনমভূমি, দৈনিক অসম, The Assam Tribune, The Sentinel আদি কেইবাখনো কাকতত সাংবাদিকতা কৰিছিল ৷ বৰ্তমান ৯০ বছৰ বয়সতো তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক কাকতত সক্ৰিয়ভাৱেই সংবাদ সেৱা আগবঢ়াই আছে (Octogenarian journalists of Assam) ।

90 বছৰ বয়সতো সংবাদ সেৱা আগবঢ়োৱা ৰাজেন বৰকাকতিৰ কথাৰে...

শ্বিলঙৰ পৰা প্ৰকাশিত এখন কাকততো সংবাদ সেৱা আগবঢ়াইছিল এইগৰাকী ৰাজেন বৰকাকতিয়ে । বৰ্তমান শাৰীৰিক কিছু অসুস্থতা থকাৰ পিছতো ব্ৰতী হৈ আছে অধ্যয়নত । দৈনিক পুৱাই হাতত বাতৰি কাকত লৈ প্ৰতিটো বাতৰিয়েই তেওঁ মনযোগেৰে পঢ়ে । ঘৰত বহিয়েই অধ্যয়ন কৰে ইখনৰ পিছত সিখন গ্ৰন্থ (Octogenarian journalist Rajen Borkakoty)।

১৯৫৪ চনত "ই কি আৰু কিয়", ১৯৫৫ চনত "ভুল কাৰ" আৰু পৰৱৰ্তী সময়ত কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে সাংবাদিক ৰাজেন বৰকাকতিয়ে । ইয়াৰোপৰিও ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক তথা ক্ৰীড়াবিদ ৰাজেন বৰকাকতি আজিও জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে । বিয়লি হ’লেই হাতত কলম তুলি লৈ লিখি যায় ইটোৰ পিছত সিটো বাতৰি । বাতৰি লিখি আজিও অনুভৱ কৰে সুকীয়া আনন্দ ।

হাতত কলম তুলি লৈ বাতৰি লিখি ভালপোৱা ৰাজেন বৰকাকতি বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ যুগত কিছু অসুবিধাৰ সন্মুখীন হৈছে যদিও নগাঁৱৰে আন এগৰাকী সাংবাদিকে এই ক্ষেত্ৰত সহায় কৰি আহিছে সাংবাদিক ৰাজেন বৰকাকতিক ।

বুধবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা সাংবাদিকতাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিৰ বাসগৃহত উপস্থিত হৈ নগাঁৱৰ কেইবাগৰাকীও সাংবাদিকে সম্বৰ্ধনা জ্ঞাপন কৰে তেওঁক । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ (National Press Day 2022) দিনা বৰ্ষীয়ান সাংবাদিকগৰাকীক ই টি ভি ভাৰতৰ তৰফৰ পৰাও জনাইছোঁ আন্তৰিক শুভেচ্ছা ।

লগতে পঢ়ক:ANUR Trailer Released: তেজপুৰৰ বাণ থিয়েটাৰত অনুৰ ছবিৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details