অসম

assam

ETV Bharat / state

ভুৱা হিতাধিকাৰী বিচাৰি বিধায়কৰ ক্ষেত্ৰ ভিত্তিক অনুসন্ধান - MLA doing field-wise investigation

চৰকাৰী বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা ভুৱা হিতাধিকাৰী সকলৰ বিৰুদ্ধে ক্ৰমাৎ সৰৱ হৈ পৰিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ৷ ইয়াৰ মাজতে এজন বিধায়কৰ তৎপৰতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

an-mla-doing-field-wise-investigation-into-the-beneficiary-list-of-pmay-scheme
ভুৱা হিতাধিকাৰী বিচাৰি বিধায়কৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান

By

Published : Jul 6, 2021, 5:57 PM IST

চামগুৰি, 6 জুলাই : চৰকাৰী বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা ভুৱা হিতাধিকাৰী সকলৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ৷ ইতিমধ্যেই ৰেচন কাৰ্ডৰ ভুৱা তথা অযোগ্য হিতাধিকাৰী সকলক চৰকাৰে স্ব-ইচ্ছাৰে কাৰ্ডসমূহ ওভতাই দিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে ২০২০-২১ বৰ্ষৰ বাবে আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকল প্ৰকৃততে হিতাধিকাৰীৰ যোগ্য হয়নে নহয় সেই বিষয়ে নিজেই ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাইছে এজন বিজেপিৰ বিধায়কে ৷ বিধায়ক গৰাকীৰ এই তৎপৰতাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷

ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে এইধৰণে বিশেষ অভিযান চলোৱা বিধায়ক গৰাকী হৈছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি আৰু পুৰণিগুদাম গাঁও পঞ্চায়তৰ অধীনত যিসকল দৰিদ্ৰ শ্ৰেণীৰ হিতাধিকাৰীৰ বাবে ২০২০-২১ বৰ্ষৰ আবন্টিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ লাভৰ তালিকা প্ৰস্তুত কৰা হৈছে সেই তালিকাক লৈ সৰৱ হৈছে বিধায়ক গৰাকী ৷ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকল প্ৰকৃততে যোগ্য তথা দৰিদ্ৰ শ্ৰেণীৰ লোক হয় নে নহয় সেইয়া চাবলৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান চলালে বিধায়ক গৰাকীয়ে । আশ্চৰ্যজনকভাৱে গাঁও পঞ্চায়ত দুটাত প্ৰধানমন্ত্ৰী আবাস গৃহ প্ৰাপকৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হোৱা চৰম বিসংগতি দেখি হতবাক হৈ পৰিছে বিধায়ক গৰাকী ৷

ভুৱা হিতাধিকাৰী বিচাৰি বিধায়কৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান

উল্লেখ্য যে, বিধায়ক গৰাকীয়ে নিজে উপস্থিত হৈ অনুসন্ধান চলোৱা ২৫ জন হিতাধিকাৰীৰ ভিতৰত প্ৰায় কুৰি জন হিতাধিকাৰীৰেই অযোগ্য ৷ তেওঁলোকৰ আছে পকী ঘৰ অথবা অৰ্থিকভাৱে টনকিয়াল ৷ ইয়াৰ পাছতে তাৎক্ষণিকভাৱে বিধায়ক গৰাকীয়ে লগত উপস্থিত থকা বঢ়মপুৰৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সমগ্ৰ বিষটো গুৰুত্ব সহকাৰে পুনৰাই বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে অযোগ্য হিতাধিকাৰী সকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰি যোগ্য দৰিদ্ৰ লোকক তালিকাত অন্তৰ্ভুক্ত কৰিবৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰে ৷

ইফালে পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব প্ৰদীপ বৰাক আগতীয়াকৈ জনোৱাৰ পিছতো সময়মতে কাৰ্যালয়ত উপস্থিত নথকা তথা দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে আন বহুবোৰ অভিযোগ থকাৰ অজুহাতত শীঘ্ৰেই নিলম্বিত কৰাৰ নিৰ্দেশ দিয়ে বিধায়ক জিতু গোস্বামীয়ে ৷ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়া গৰাকীক এই নিৰ্দেশ প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ লগতে বঢ়মপুৰ সমষ্টিত এজনো অযোগ্য হিতাধিকাৰীয়ে কোনো কাৰণতে যাতে প্ৰধানমন্ত্ৰী আবাস গৃহ নাপাই সেই বিষয়ে দৃষ্টি নিক্ষেপ কৰিবলৈ পঞ্চায়ত কৰ্মচাৰী তথা চৰকাৰী বিষয়া সকলক সকিয়নী প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখ্য যে,ৰাইজৰ অভাগ-অভিযোগ সমূহ যাতে পোনপটীয়াকৈ লাভ কৰিব পাৰে সেই উদ্দেশ্যে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাইয়ো গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাইজৰ অভাৱ-অভিযোগ সমূহ পোনপটীয়াকৈ লাভ কৰিবৰ বাবে বিধায়ক গৰাকীয়ে খণ্ড বিষয়াৰ কাৰ্যালয়ত সংস্থাপন কৰিছে অভিযোগ বাকচ ৷

লগতে পঢ়কঃAPSC Scam: ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

ABOUT THE AUTHOR

...view details