অসম

assam

ETV Bharat / state

ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা এগৰাকী যুৱক

বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেশ্বন ডিজাইনিংৰ শিক্ষা গ্ৰহণ কৰা নগাঁও জিলাৰ কলিয়াবৰৰ এজন শিক্ষিত যুৱক নৰেন্দ্ৰ বৰাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা যুৱকজনে গঢ়ি তুলিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ ৷

By

Published : Jan 12, 2021, 8:05 PM IST

Updated : Jan 13, 2021, 2:35 PM IST

ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ
ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

কলিয়াবৰ, 12 জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰৰ এজন শিক্ষিত যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ এৰী সূতাৰে ঘৰত ব্যৱহৃত ভিন্ন সামগ্ৰীৰ লগতে বিচনা চাদৰ, শাৰী, পৰ্দা কাপোৰ আদি তৈয়াৰ কৰি স্বাৱলম্বীতাৰ পথ প্ৰশস্থ কৰিছে যুৱকজনে ৷ বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেশ্বন ডিজাইনিংৰ শিক্ষা গ্ৰহণ কৰা নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ়ি তুলিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ যাৰ নাম ৰাখিছে 'ঐক্য' ৷ ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা যুৱকজনে 'ঐক্য'ৰ জৰিয়তে গঢ়ি তুলিছে এখন মঞ্চ ৷

ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

শিক্ষিত যুৱক নৰেন্দ্ৰ বৰাই দুই শতাধিক মহিলাক লগত লৈ প্ৰস্তুত কৰি আহিছে উন্নত মানদণ্ডৰ এৰী বস্ত্ৰ ৷ 2016-17 চনত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰৰ দাৰিগজি গাঁৱত ৰেচম সমল কেন্দ্ৰও স্থাপন কৰিছে যুৱকজনে ৷ এৰী বস্ত্ৰ উৎপাদনৰ এই প্ৰতিষ্ঠানটোৱে সংস্থাপন দিছে কলিয়াবৰৰ দুইশতাধিক স্থানীয় মহিলা-যুৱতীক ৷

ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা এগৰাকী যুৱক

আৰ্থিকভাবে স্বচ্ছল হোৱা প্ৰতিগৰাকী শিপিনীয়ে ঘৰতে এৰী বস্ত্ৰ প্ৰস্তুত কৰি প্ৰতিগৰাকী শিপিনীয়ে মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 7 ৰ পাৰ 9 হাজাৰকৈ টকা ৷ স্থানীয় মহিলা সকলে প্ৰস্তুত কৰি উলিওৱা উন্নত মানদণ্ডৰ এৰী বস্ত্ৰই ৰাজ্য তথা দেশৰ লগতে বিদেশতো লাভ কৰিছে বিশেষ সমাদৰ ৷ কোৰিয়া, জাপান, পেৰিচ, অষ্ট্ৰেলিয়া আদি দেশলৈ ৰপ্তানি হৈছে কলিয়াবৰত উৎপাদিত এৰী বস্ত্ৰসমূহ ৷

লগতে পঢ়ক:বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

Last Updated : Jan 13, 2021, 2:35 PM IST

ABOUT THE AUTHOR

...view details