অসম

assam

ETV Bharat / state

নগাঁৱৰ কন্দলীত হাতীৰ কৰুণ মৃত্যু - বিট অফিচৰ কাষৰ টপাকুচী

নগাঁৱৰ কন্দলীত এটা পূৰ্ণবয়স্ক হাতীৰ কৰুণ মৃত্যু ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰোতেই কোনো দুৰ্বৃত্তই হাতীটোক গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।

নগাঁৱৰ কন্দলীত হাতীৰ কৰুণ মৃত্যু

By

Published : Oct 12, 2019, 4:07 AM IST

নগাওঁ, 11 অক্টোবৰঃ নগাঁৱৰ কন্দলীত এটা পূৰ্ণবয়স্ক হাতীৰ কৰুণ মৃত্যু ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰোতেই কোনো দুৰ্বৃত্তই হাতীটোক গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । কন্দলী বিট অফিচৰ কাষৰ টপাকুচী নামৰ ঠাইত হাতীটোৰ মৃতদেহ উদ্ধাৰ হয় ৷ দুৰ্বৃত্ত‌ই হাতীটোৰ শুঁৰৰ কিছু অংশও কাটি নিয়া কাৰ্যক গৰিহণা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ দুদিন ধৰি পৰি থকা হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগে ৷ উল্লেখ্য যে বিগত দিনত কন্দলী অঞ্চলত বন্য হস্তীয়ে হাৰাশাস্তি কৰাৰ পিছতো বন বিভাগৰ একো কাণষাৰ নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

নগাঁৱৰ কন্দলীত হাতীৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details