চামগুৰি,7 জুলাই : এটি পৰিয়ালৰ কৰুণ কাহিনী ৷ যি কাহিনী শুনিলে দুচকু সেমেকি উঠিব আপোনাৰ ৷ এই কাহিনী নগাঁও জিলাৰ চাপানালা চামগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ ৷
আঠ বছৰীয়া এটি শিশুৱে পোহপাল দিছে ৰোগীয়া মাতৃসহ দুই ভাতৃক । জীৱন গঢ়াৰ প্ৰাক ক্ষণতে হাজিৰা কৰি পৰিয়ালৰ পোহপাল দিব লগীয়া হৈছে এটা কণমাণিয়ে ৷ নাম বিষ্ণু ভূমিজ ৷
ৰোগ শয্যাত পৰি আছে তেওঁৰ দুৰ্ভগীয়া মাতৃ ৷ উপায়হীন বিষ্ণু ৷
ইফালে জীৱিকাৰ সন্ধানত বিগত দুটা বছৰৰ পূৰ্বে বহিঃৰাজ্যলৈ ঢাপলি মেলে পিতৃয়ে ৷ কিন্তু আজি পৰ্যন্ত পিতৃৰ নাই কোনো খবৰ ৷ উপায়ন্তৰ হৈ মাত্ৰ আঠ বছৰ বয়সতে ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল’ব লগাত পৰিছে বিষ্ণু ভূমিজ নামৰ কণমানিটোৱে ৷
বিষ্ণুৰ মাতৃ ৰীনা ভূমিজে বিগত এটা বছৰে পেৰেলাইছিচ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি আছে ৷ ৰোগ শয্যাত পৰি অপেক্ষা কৰিছে স্বামীৰ বাবে ৷ তেওঁৰ স্বামী ভায়া ভূমিজ নামৰ লোকজনে তিনিটা সন্তান আৰু পত্নীক চামগাঁৱৰ ঘৰখনতে এৰি থৈ দুবছৰৰ পূৰ্বে বহিঃৰাজ্য লৈ ওলাই গৈছিল এটা ভাল সংস্থাপনৰ আশাত ৷
মাত্ৰ আঠ বছৰ বয়সতে পৰিয়াল পোহপাল দিয়া এটা বিশেষ শিশু ৰীনা ভূমিজৰ স্বামী কেতিয়া ওভতি আহিব বা আহিবনে নাই সেয়াও অনিশ্চয়তাত ৷ নিজ সন্তানৰ মুখলৈ চাই চাই নিৰৱে চকুলো টুকিছে মানুহ গৰাকীয়ে ৷ অথচ নিজাকৈ কৰিব পৰা শক্তি আৰু সামৰ্থ একোৱেই নাই তেওঁৰ ৷
ইফালে ফুলকুমলীয়া বয়সতে ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱা বিষ্ণু ভূমিজৰ পৰিয়ালটোৱে এতিয়া সন্মুখীন হ‘ব লগীয়া হৈছে বহু সমস্যাৰ ৷ দৰিদ্ৰতাই কোঙা কৰা এই পৰিয়ালটোক আজি সহায় কৰোতা কোনোৱেই নাই ৷ ঘৰখনো পৰি ৰৈছে পৰিতক্ত অৱস্থাত ৷
ওচৰ চুবুৰীয়াই যিমান পাৰে সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়াই আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ এই নিঃকিন পৰিয়াটোৰ ওচৰত থিয় হ’বলৈ ওচৰ চুবুৰীয়াও চৰকাৰক জনাইছে আহ্বান ৷ যি সময়ত বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰাৰ লগতে সমনীয়াৰ লগত খেলি সময় অতিবাহিত কৰিব লাগিছিল তেনে সময়ত পেটৰ তাড়ণাত ঘৰৰ দায়িত্ব চম্ভালিবলৈ আঠ বছৰীয়া বিষ্ণু ভূমিজ বাধ্য হৈছে দিন হাজিৰা কৰিবলৈ ৷
বিষ্ণু ভূমিজ নামৰ কণমাণিটো মাথো এক উদাহৰণহে ৷ বিষ্ণু ভূমিজৰ দৰে এনে দুৰ্ভগীয়া পৰিয়ালৰ ওপৰত স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰৰ সু-দৃষ্টি কেতিয়া পৰিব ? সেয়াহে বৰ্তমান সময়ত এক অবুজ সাঁথৰ হৈ পৰিছে ৷
লগতে পঢ়ক:বৃদ্ধ বয়সতো শিল্প কৰ্মত যতি পৰিব নিদিয়া দুগৰাকী জ্যোতি