নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অসুস্থ অৱস্থাত হাতী পোৱালি উদ্ধাৰ - forest department
বনাঞ্চলৰ পৰা জাকৰ সৈতে খাদ্যৰ সন্ধানত ওলাই আহি মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটি হাতী পোৱালিক নগাঁৱৰ মদাৰতলী আদৰ্শ গাঁৱত অসুস্থ অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে ৷ কাজিৰঙা বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ ৰুগীয়া হাতীটো ৷
নগাঁও,23 জুলাইঃ নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটি হাতী পোৱালিক নগাঁৱৰ মদাৰতলী আদৰ্শ গাঁৱত অসুস্থ অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে ৷ বনবিভাগৰ সূত্ৰই জনোৱা মতে সোমবাৰে নিশা গাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত বিচৰণ কৰিছিল হাতীৰ জাকটোৱে ৷ পিছত বনবিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াই যদিও ৰুগ্ন হাতী পোৱালিটো জাকৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পুৱাৰ ভাগত পোৱালিটোক বিভাগীয় কৰ্তৃপক্ষই গাঁৱখনতেই মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰে ৷ হাতী পোৱালিটোক বৰ্তমান উন্নত চিকিৎসাৰ বাবে কাজিৰঙা বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷