অসম

assam

ETV Bharat / state

বাবু দাসৰ বিৰুদ্ধে ডেৰ কোটি টকা সংগ্ৰহৰ অভিযোগ

গ্ৰাম্য স্বাস্থ্য কৰ্মী নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ ৷ বাবু দাস নামৰ লোকজনে স্বাস্থ্য কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ ৷ মুঠ ডেৰ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাসৰ বিৰুদ্ধে ৷

By

Published : Jul 8, 2019, 6:30 PM IST

বাবু দাসৰ বিৰুদ্ধে ডেৰ কোটি টকা সংগ্ৰহৰ অভিযোগ

নগাঁও, 8 জুলাই : স্বাস্থ্য বিভাগত চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৷ গ্ৰাম্য স্বাস্থ্য কৰ্মী নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাস নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে । ১৯৭৭ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য ৰক্ষা আঁচনিৰ অধীনত নিযুক্তি দিয়া হৈছিল ১৮ হাজাৰৰো অধিক স্বাস্থ্য কৰ্মী ৷ কিন্তু 1986 চনত বন্ধ হৈছিল আঁচনিখন ৷ তাৰ পাচৰ পৰ্যায়ত স্বাস্থ্য কৰ্মীসকলে আঁচনিখন পুনৰ প্ৰৱৰ্তনৰ বাবে বিভিন্ন দাবী উত্থাপন কৰিছিল ৷ সেই সময়তে বাবু দাস নামৰ লোকজনে স্বাস্থ্য কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে ইতিমধ্যে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ লোককো বাবু দাসে দিছিল নিযুক্তিৰ আশ্বাস । তাৰ বাবে এন জি অ’ৰ কাৰ্যালয় বহুৱাৰ নামত সমগ্ৰ অসমৰ স্বাস্থ্য কৰ্মীসকলৰ পৰা পৰা মুঠ ডেৰ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাসৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত ভুক্তভোগী কৰ্মচাৰীসকলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি লিখিত অভিযোগ দিয়াত বাবু দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

বাবু দাসৰ বিৰুদ্ধে ডেৰ কোটি টকা সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details