অসম

assam

ETV Bharat / state

গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা - বিধায়িকা আঙুৰলতা ডেকা

৫০ সহস্ৰাধিক লোকৰ উপস্থিতিত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। জন সমাগমেৰে ভৰি পৰা সভাত ব্যৱহাৰ কৰা হ'ল গুৱাহাটীৰ চিটি বাছকে ধৰি বহু স্কুল বাছ।

গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা
গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

By

Published : Feb 25, 2021, 5:00 PM IST

Updated : Feb 25, 2021, 11:01 PM IST

নগাঁও,25 ফেব্ৰুৱাৰী:অভিনয় জগতৰ পৰা ৰাজনীতিত ভৰি দিয়েই বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা বিধায়িকা আঙুৰলতা ডেকা পৰাজয়ৰ আশংকাত ভুগিছে নেকি ? কিছুদিনৰ পৰা বটদ্ৰৱা সমষ্টি এৰি অন্য সমষ্টিলৈ ঢাপলি মেলাৰ খবৰ চৰ্চাৰ বিষয় হৈ পৰাৰ সময়তে গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত নিৰ্মাণ কৰিবলগীয়া বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। সেই মৰ্মে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় বটদ্ৰৱাত ৷

গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰাত প্ৰায় ৫০ সহস্ৰাধিক লোকৰ সমাগম ঘটিল সভাখনত। কিন্তু প্ৰশ্ন হয় সভাখনত সমাগম হোৱা লোকসকল বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টি বটদ্ৰৱাৰেই নে ? কিয়নো সভাত উপস্থিত হোৱা একাংশ লোকেই নাজানে ক'লৈ আহিছে ? কিয় আহিছে ? কাৰ সভালৈ আহিছে ? তাৰ উপৰিও সভাখনত দেখা গ'ল গুৱাহাটী মহানগৰত চলি থকা বহু চিটি বাছ ৷ আদাবাৰী, চান্দমাৰী, পল্টনবাজাৰত চলা বহু চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা ৷

গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

লগতে পঢ়ক:বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

Last Updated : Feb 25, 2021, 11:01 PM IST

ABOUT THE AUTHOR

...view details