নগাঁও, 26 ফেব্ৰুৱাৰী:আটকধুনীয়া হ'ব গুৰুজনাৰ জন্মস্থান । নিৰ্মাণ কৰা হ'ব ব্যয়বহুল প্ৰকল্প ৷ বৃহস্পতিবাৰে এই প্ৰকল্প নিৰ্মানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণা ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বটদ্ৰৱা প্ৰকল্প।
নিৰ্মাণকাৰ্য্য শুভাৰম্ভ কৰাৰ পূৰ্বে বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত আয়োজিত চৰকাৰী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৃহমন্ত্ৰী অমিত শ্বাহ । বদৰুদ্দিন আজমলক সমালোচনা কৰি আজমলক লগত লোৱা দলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে বুলি মন্তব্য কৰে অমিত শ্বাহে ।