অসম

assam

ETV Bharat / state

Triple Talaq in Nagaon:দ্বিতীয় বিবাহত আৱদ্ধ হৈ পত্নীক তিনি তালাক শিক্ষকৰ - দ্বিতীয় বিবাহত আৱদ্ধ হৈ পত্নীক তিনি তালাক শিক্ষকৰ

নগাঁৱত শিক্ষকৰ কাণ্ড । নিষিদ্ধ হোৱাৰ পিছতো পত্নীক দিলে তিনি তালাক । আৱদ্ধ হ'ল দ্বিতীয় বিবাহতো । তিনি তালাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী মহিলাৰ ।

Triple Talaq controversy
শিক্ষকে পত্ৰযোগে পত্নীক তিনি তালাক

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:53 PM IST

শিক্ষকে পত্ৰযোগে পত্নীক দিলে তিনি তালাক

নগাঁও, ৩০ অক্টোবৰঃ দেশত তিনি তালাকৰ জৰিয়তে বিবাহ বিচ্ছেদ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ পিছতো নগাঁৱৰ এজন শিক্ষকে পত্ৰযোগে পত্নীক তিনি তালাক দিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । উত্থাপিত অভিযোগ অনুসৰি নগাঁও চহৰৰ মোল্লা পট্টিৰ আনচাৰুল ইছলাম মোল্লা নামৰ লোকজনৰ সৈতে চাৰি বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল কাটিমাৰীৰ এগৰাকী যুৱতী । কিন্তু বিগত কিছুদিন ধৰি চৰকাৰী শিক্ষক স্বামীয়ে মহিলাগৰাকীৰ ওপৰত নানা নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । আনকি শেহতীয়াকৈ পত্নীক পত্ৰৰ জৰিয়তে তিনি তালাক দি দ্বিতীয় বিবাহতো আৱদ্ধ হোৱাৰ অভিযোগ কৰিছে ভুক্তভোগীগৰাকীয়ে ।

উত্থাপিত অভিযোগ মতে, শিক্ষক স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে দীর্ঘদিনৰ পৰাই সম্পৰ্ক ৰক্ষা কৰি অহাৰ বাবেই নিজ পত্নীক নিৰ্যাতন চলাই আহিছিল । অৱশেষত পত্নীক তিনি তালাক দি দ্বিতীয় বিবাহ সম্পন্ন কৰা বুলি স্বামীৰ বিৰুদ্ধে এইগৰাকী মহিলাই উত্থাপন কৰিছে অভিযোগ । যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত দ্বিতীয় বিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে এনে সময়ত নগাঁও চহৰৰ এজন চৰকাৰী বিদ্য়ালয়ৰ শিক্ষকে পত্নীক তিনি তালাক দি দ্বিতীয় বিবাহ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে তিনি তলাক অথবা দ্বিতীয় বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগী মহিলাই ।

এতিয়া ১৬ মহীয়া এটি সন্তানৰ মাতৃ গৰাকীয়ে উপায়ন্তৰ হৈ কাষ চাপিছে আৰক্ষীৰ । ইতিমধ্যে শিক্ষক স্বামীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে । চৰকাৰী কৰ্মচাৰীক দ্বিতীয় বিবাহ নিষিদ্ধ কৰাৰ পিছত প্ৰথমটো দ্বিতীয় বিবাহ সম্পন্ন কৰা শিক্ষকজনৰ বিৰুদ্ধে বিভাগীয়ভাৱেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসহায় পত্নীয়ে । এতিয়া পত্নীক তিনি তালাক দি দ্বিতীয় বিবাহ সম্পন্ন কৰা শিক্ষকৰ বিৰুদ্ধে বিভাগ তথা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:Dead body recover: মহানগৰীত ATM ত ধন ভৰাবলৈ ব্যৱহৃত হোৱা বাহনৰ ভিতৰত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details