অসম

assam

ETV Bharat / state

নগাঁৱত আন এক লাভ জেহাদৰ ঘটনা

নগাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ আন এক ঘটনা ৷ ফেচবুকত হিন্দু বুলি পৰিচয় দি ইছলাম ধৰ্মাৱলম্বী এজন যুৱকে হিন্দু ধৰ্মাৱলম্বী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগ ৷ পলুৱাই নিয়াত জড়িত অভিযুক্ত যুৱকজনৰ পৰিয়ালৰ সদস্যক আটক ৷ বহিঃৰাজ্যত বিক্ৰীৰ উদ্দেশ্যে কিশোৰী গৰাকীক পলুৱাই নিয়াৰ সন্দেহ স্থানীয় লোকৰ ৷

By

Published : Feb 13, 2021, 10:24 PM IST

love jehad case in nagaon
নগাঁৱত লাভ জেহাদৰ ঘটনা

নগাঁও, 13 ফেব্ৰুৱাৰী:এইবাৰ নগাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ৷ এইখন অসমতে পুনৰ লাভ জেহাদৰ দৰে ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ নগাঁৱৰ এগৰাকী কিশোৰীক বহিঃৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে নগাঁৱৰ স্থানীয় লোকে ৷ অভিযোগ অনুসৰি, নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক ননৈৰ এজন যুৱকে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ছদ্ম নামেৰে প্ৰেমৰ জালত পেলাই যুৱতী গৰাকীক পলুৱাই নি বিক্ৰীৰ ষড়যন্ত্ৰ কৰিছিল ৷

বহিঃৰাজ্যত বিক্ৰীৰ উদ্দেশ্যে কিশোৰী গৰাকীক পলুৱাই নিয়াৰ সন্দেহ স্থানীয় লোকৰ

সম্প্ৰতি বহিঃৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে শুকুৰবাৰে সন্ধিয়া ৰহাৰ কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পাছতেই নিশা ননৈৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ ননৈ অঞ্চলৰ বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি যুৱতীগৰাকীক প্ৰেমৰ জালত পেলোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ পৰিয়ালৰ এজন সদস্যকো আটক কৰে ৷ যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহযোগতেই কিশোৰীগৰাকীক বহিঃৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰিছিল বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:হাজোৰ বাসগৃহত কান্দোনৰ ৰোল, বাসগৃহত উপস্থিত কৃষ্ণ বৈশ্যৰ মৃতদেহ

ABOUT THE AUTHOR

...view details