অসম

assam

By

Published : Apr 12, 2023, 9:18 AM IST

ETV Bharat / state

Land Rights: 1930 চনৰ নথি-পত্ৰ বিচাৰি হাহাকাৰ খিলঞ্জীয়াৰ

কামপুৰত 1930 চনৰ নথি-পত্ৰ বিচাৰি হাহাকাৰ কৰিছে খিলঞ্জীয়াই ৷ কামপুৰৰ বৰপথাৰ, শিঙিমাৰী, লংজাপ পঞ্চায়তৰ অন্তৰ্গত চৰকাৰী মুক্ত বনাঞ্চলত বসবাস কৰা লোকসকলক 1930 চনৰ নথি বিচৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলকেইটাৰ ৰাইজ ৷

Land Rights
খিলঞ্জীয়াৰ হাহাকাৰ

1930 চনৰ নথি-পত্ৰ বিচাৰি হাহাকাৰ খিলঞ্জীয়াৰ

কামপুৰ, 12 এপ্ৰিল: কামপুৰত এতিয়া হাহাকাৰ অৱস্থা খিলঞ্জীয়াৰ ৷ 1930 চনৰ নথি-পত্ৰ বিচাৰি হাহাকাৰ কৰিছে খিলঞ্জীয়াই ৷ অস্তিত্ব হেৰুওৱাৰ শংকাত ভুগিছে কামপুৰৰ একাংশ খিলঞ্জীয়াই ৷

কামপুৰত ভূমিৰ নথি-পত্ৰ সম্পৰ্কীয় শুনানিত বেমেজালিৰ অভিযোগ ৷ উল্লেখ্য যে কামপুৰৰ বৰপথাৰ, শিঙিমাৰী, লংজাপ পঞ্চায়তৰ অন্তৰ্গত চৰকাৰী মুক্ত বনাঞ্চলত বসবাস কৰা লোকসকলক 1930 চনৰ নথি বিচৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলকেইটাৰ বাসিন্দাসকল ৷ ৭৫ বছৰ চৰকাৰী ভূমিত বসবাস কৰিলেহে এইসকল লোকে লাভ কৰিব ভূমিৰ অধিকাৰ ৷ আনহাতে ST সকলক ৫ বছৰ বসতি কৰাৰ পাচতেই অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে OBC, SC, General সকলৰ পৰা 1930 চনৰ পৰা বসবাস কৰাৰ নথি-পত্ৰ বিচৰাত এতিয়া কামপুৰ স্বৰাজ ভৱনত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে খিলঞ্জীয়া ৰাইজে (Allegations of Irregularities in Kampur) ৷

উল্লেখ্য যে মঙলবাৰে কামপুৰ স্বৰাজ ভৱনত তিনিওটা পঞ্চায়তৰ ৰাজহুৱা ভূমিৰ নথি-পত্ৰৰ শুনানিত বহু লোকৰ নাম নথকাৰ কথা বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰা পাচতেই বিমোৰত পৰিছে ভুক্তভোগী একাংশ বাসিন্দা ৷ 1930 চনৰ নথি-পত্ৰ এতিয়া লাভ কৰাটো কেনেকৈ সম্ভৱ বুলি তেওঁলোকে প্ৰশ্ন কৰিছে চৰকাৰক ৷ 1930 চনৰ নথি-পত্ৰ নাথাকিলেই তেওঁলোক বিদেশী হৈ নাযায়, ভূমিৰ অধিকাৰ তেওঁলোকে পাব লাগে বুলি মন্তব্য কৰিছে ৷

40-50 বছৰতকৈও অধিক কাল বসবাস কৰি অহা এই ভূমিৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে ভুক্তভোগীসকলে ৷ তেওঁলোকৰ সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবিছিল যদিও কাৰ্যক্ষেত্ৰত কিন্তু বৰ্তমানৰ চৰকাৰে কংগ্ৰেছ চৰকাৰকহে এই বিষয়টো সন্দৰ্ভত দোষ জাপি দায় সাৰিব বিছাৰিছে বুলিও মন্তব্য কৰে ভুক্তভোগীসকলে ৷

এই সমস্যা অতি শীঘ্ৰে সমাধান কৰি ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷ অৱশ্যে তেওঁলোকৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী সময়ত কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয় ৷

লগতে পঢ়ক:Land broker case: মৰিগাঁৱত ভূমি দালালৰ গুণ্ডাৰাজ, নিশা হ’লেই চলাই খননকাৰ্য

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details