অসম

assam

ETV Bharat / state

অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা নেকি ? - ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ

অসম আৰক্ষী (Assam Police)ৰ এনকাউণ্টাৰ (Encounter)ক ‘ভুৱা এনকাউণ্টাৰ’ আখ্যা ৷ দিল্লীস্থিত অধিবক্তা আৰিফ জৱাড্ডাৰে দাখিল কৰা অভিযোগনামাত অসম আৰক্ষীয়ে সৰু সৰু অভিযুক্তসকলক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰা বুলি উল্লেখ আছে ৷ আনহাতে, এনকাউণ্টাৰৰ জৰিয়তে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি বিস্ফোৰক মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ৷

as_ngn_allegations_of_fake_encounter_against_assam_police_vis1_7203829
অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা নেকি?

By

Published : Jul 12, 2021, 6:39 PM IST

নিউজ ডেস্ক, 12 জুলাই : অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী (Assam Police) । অপৰাধ দমনৰ বাবে যিকোনো পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে । কোনো কাৰণতে অপৰাধীক সাৰি যাবলৈ নিদিয়াৰ পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷ বিগত 1 জুনৰ পৰা ৰাজ্যত সংঘটিত হৈছে 20 টাকৈ এনকাউণ্টাৰ (Encounter) ৷ এই এনকাউণ্টাৰত মৃত্যু হৈছে দুজন অভিযুক্তৰ ৷

কিন্তু শেহতীয়াকৈ এই এনকাউণ্টাৰক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷ অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে ভুৱা এনকাউণ্টাৰ (Fake Encounter)ৰ অভিযোগ ৷ এই এনকাউণ্টাৰৰ জৰিয়তে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি বিস্ফোৰক মন্তব্য কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷

নগাঁৱত শনিবাৰে একেনিশাই সংঘটিত হয় তিনিটাকৈ চাঞ্চল্যকৰ (Sensational Incident)ৰ ঘটনা ।

ভুৱা নেকি অসম আৰক্ষীৰ এনকাউণ্টাৰ

প্ৰথমটো ঘটনা সংঘটিত হয় নগাঁৱৰ চকীটুপত ৷ এগৰাকী অভিযন্তাৰ ঘৰত ডকাইতি (Dacoit) কাণ্ড সংঘটিত কৰে তিনিজনীয়া ডকাইতৰ এটা দলে । চকীটুপৰ ছেলিম খান নামৰ এগৰাকী অভিযন্তাৰ ঘৰত প্ৰৱেশ কৰি তিনিজনীয়া ডকাইতৰ দলে লুটপাতৰ চেষ্টা কৰাৰ সময়তে পৰিয়ালৰ সদস্যই চিঞৰ-বাখৰ আৰম্ভ কৰে । স্থানীয় লোকে গম পাই বাসগৃহটো ঘেৰাও কৰি ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ এটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হয় ।

ধৃত দুই ডকাইতৰ মূৰৰ চুলি কাটি দিয়াৰ উপৰিও উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । একেটা নিশাৰ দ্বিতীয়টো ঘটনা সংঘটিত হয় নগাঁৱৰ বৰঘাটত । আজিজুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ী (Drugs Peddler)য়ে আন এজন সতীৰ্থৰ সৈতে বাইকেৰে ড্ৰাগছ সৰবৰাহৰ সময়ত আৰক্ষীয়ে বাইক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও পলায়নৰ চেষ্টা কৰে আজিজুলে । লগে লগে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আজিজুল হক আহত হয় যদিও আনজন সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় ।

আজিজুলক গ্ৰেপ্তাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে । ধৃত আজিজুলৰ পৰা নিচাজাতীয় ঔষধৰ কাৰ্টন জব্দ কৰে আৰক্ষীয়ে ।

আনহাতে, তৃতীয়টো অপৰাধ নগাঁৱৰ ধিঙৰ । ধিঙৰ শালকাটিত পুৱতি নিশা আৰক্ষীৰ গুলিত নিহত হয় জয়নাল আবেদিন নামৰ এজন কুখ্যাত অপৰাধী । নিহত জয়নাল বিভিন্ন অপৰাধৰ লগতে অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে । এক গোপন খবৰৰ ভিত্তিত, পুৱতি নিশা নগাঁও আৰু ধিং আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ ।

সংঘৰ্ষত মৃত্যু হয় জয়নাল আবেদিনৰ । আৰক্ষীয়ে ঘটনা স্থলীৰ পৰা উদ্ধাৰ কৰে এটা 7.65 mm পিষ্ট ৰ লগতে তিনিজাই সক্ৰিয় গুলী । ধিং আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ।

বিগত সপ্তাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিলে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পাচতে এই এনকাউণ্টাৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাচতে অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (National Human Rights Commission)ক অৱমাননা কৰাৰ অভিযোগ তুলিছে দিল্লীৰ অধিবক্তা আৰিফ জৱাড্ডাৰে ৷ অসম আৰক্ষীয়ে সৰু সৰু অভিযুক্তসকলক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰা বুলি অভিযোগনামা দাখিল কৰিছে অধিবক্তাগৰাকীয়ে ৷ এই সন্দৰ্ভত তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰ দাবী জনায় ৷

অধিবক্তাগৰাকীৰ অভিযোগৰ পাচতে ভুৱা এনকাউণ্টাৰক লৈ হৈছে সৰৱ চৰ্চা ৷ অসম আৰক্ষীৰ এই এনকাউণ্টাৰ কিমান সত্য, সঁচাকৈয়ে এই এনকাউণ্টাৰ ভুৱা নেকি ? সেয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰ পাচতহে নিশ্চিত হৈ পৰিব ৷

লগতে পঢ়ক :নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

ABOUT THE AUTHOR

...view details