চামগুৰি, 17 ডিচেম্বৰ : এতিয়া ৰাজ্যৰ অধিকাংশ মহাবিদ্যালয়তে নিৰ্বাচনৰ বতৰ ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিখন মহাবিদ্যালয়ৰ বাকৰিত সৃষ্টি হৈছে উছৱমুখৰ পৰিৱেশ ৷ 21 ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব চামগুৰি মহাবিদ্যালয়ত (Election at Samguri College) ৷ সম্প্ৰতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিপৰীত ছবিহে প্ৰতিফলিত হৈছে মহাবিদ্যালয়খনত ৷
প্ৰাপ্ত তথ্য অনুসৰি, সমাগত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আছিল অন্তিম দিন ৷ তেনেক্ষেত্ৰত মনোনয়ন দাখিল কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে (Allegations of extortion at Samguri College) ৷
নিৰ্বাচনৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ লগতে চাওক:Price Hike in Assam : মধ্যভোগীৰ বাবে মূল্যবৃদ্ধিৰ অভিযোগ কৃষকৰ
উল্লেখ্য যে, ছাত্ৰ একতা সভাৰ সভাপতি, সম্পাদক, ক্ৰিয়া সম্পাদক আৰু আলোচনী সম্পাদকৰ পদৰ বাবে মনোনয়ন দাখিল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিগৰাকীয়ে আদায় দিবলগীয়া হৈছে 3000 টকা ৷ সমান্তৰালকৈ বাকী 9 টা পদৰ বিপৰীতে আদায় দিবলগা হৈছে 2000 টকা ৷ এই ধন নিৰ্বাচন পৰিচালনা কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷
ধন সংগ্ৰহৰ অভিযোগ স্বীকাৰ মহাবিদ্যাল কৰ্তৃপক্ষৰ কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই কৰা ধন সংগ্ৰহৰ এই কাৰ্য অবৈধ বুলি দাবী কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছে গ্ৰামাঞ্চলৰ একাংশ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী ৷
বিষয় সন্দৰ্ভত চামগুৰি মহাবিদ্যালয়ৰ হৈ নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা অধ্যাপকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে ৷ তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত আইন-শৃংখলা অটুট ৰাখিবলৈ আৰক্ষীৰ দৰকাৰ ৷ নিৰ্বাচনৰ দিনা মহাবিদ্যালয়খনত নিয়োজিত হ’বলগীয়া আৰক্ষীৰ খোৱা-বোৱাৰ লগতে অন্যান্য আনুসংগিক ব্যয় বহন কৰিবলৈ প্ৰাৰ্থীসকলৰ পৰা এই মাচুল সংগ্ৰহ কৰিছে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই কাণ্ডত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷
লগতে চাওক:মাৰাডোনাৰ ঘড়ী চুৰি কাণ্ডৰ নতুন মোৰ : বিপাঙত আৰক্ষী