নগাঁও, 14 ছেপ্টেম্বৰ:চৰকাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছে(Allegation about scame in recruitment) । ভিক্টৰ দাসে অভিযোগে জনতাৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে (Victor Das controversy) । এনে সময়তে নগাঁৱৰ ৰূপহীহাটৰ বিশেষভাৱে সক্ষম যুৱকৰ চৰকাৰী নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিস্ফোৰণ । ৰূপহীহাটৰ হাতীপুখুৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকে ফেচবুক পোষ্টত উত্থাপন কৰে নিযুক্তিত বিসংগতি হোৱাৰ বিস্ফোৰক অভিযোগ (Assam recruitment scam allegation) ।
লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত ভয়ংকৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে বিশেষভাৱে সক্ষম যুৱক অমিনুল হকে । যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হৈছিল লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ লিখিত পৰীক্ষা । ১৩ মাৰ্চতে আমিনুলে কৰিছিল এটা ফেচবুক পোষ্ট (Nagaon youth alleges government recruitment scam) । এগৰাকী পৰীক্ষাৰ্থীয়ে উকা উত্তৰ বহী জমা দিয়াৰ কথা উল্লেখ কৰিছিল ১৩ মাৰ্চত দিয়া ফেচবুক পোষ্টতে ।