নগাঁও, 2 ডিচেম্বৰ :নগাঁও জিলাৰ ধিং পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ একাংশ বিষয়া-কৰ্মচাৰীৰ নেতৃত্বত নিৰ্মাণ কৰা পথৰ পৰা নলা-নৰ্দমা নিৰ্মাণৰ সকলোতে অনিয়মৰ অভিযোগ ৷ ধিং পৌৰসভাই নিম্নমানৰ কাম কৰি বৃহৎ ধন লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
অভিযোগ অনুসৰি, ধিং চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা গড়কাপ্তানী পথৰ কাষৰ নলা নিৰ্মাণত ৰাইজে বিসংগতি হোৱা বুলি অভিযোগ প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰত অভিযোগকাৰীয়ে পৌৰসভাক প্ৰশ্ন কৰিছিল যদিও পৌৰসভাৰ বিষয়া-কৰ্মচাৰীয়ে বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰা বুলি মন্তব্য প্ৰদান কৰিছে ৷