বটদ্ৰৱা, 16 মে': কৰ'ণা মহামাৰীৰ বাবে দেশজুৰি বাহাল থকা লক ডাউনৰ সুবিধা লৈ ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ সৰবৰাহ ৷ আৰক্ষী থানাৰ সন্মুখেৰেই নিতৌ সৰবৰাহ হৈ আছে এই অবৈধ কয়লা ভৰ্তি ট্ৰাক সমূহ ৷ কিন্তু আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক স্থিতিয়ে চিন্তিত কৰাৰ লগতে সন্দেহ আৱৰ্তত ৰাখিছে সচেতন ৰাইজক ৷
বটদ্ৰৱা আৰক্ষীৰ জ্ঞাতে অবৈধ কয়লাৰ চোৰাং বেহাৰ গুৰুতৰ অভিযোগ উল্লেখ্য যে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিশেষকৈ বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখেৰে নিতৌ পাৰ হয় চালান বিহীন অবৈধ কয়লা ভৰ্তি ট্ৰাক ৷ শনিবাৰেও বটদ্ৰৱা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এখন কয়লা ভৰ্তি ট্ৰাক ৷ জব্দকৃত ট্ৰকখনৰ চালকে দেখুৱাব পৰা নাছিল কোনো ধৰণৰ চালানৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ ৷ কিন্তু অতি ৰহস্যজনক ভাৱে উক্ত ট্ৰাকখন থানালৈ নিয়াৰ পৰিৱৰ্তে প্ৰায় এক কিলোমিটাৰ আঁতৰত থকা এটা পেট্ৰল পাম্পলৈহে লৈ যায় আৰক্ষীয়ে ৷
বটদ্ৰৱা আৰক্ষীৰ জ্ঞাতে অবৈধ কয়লাৰ চোৰাং বেহাৰ গুৰুতৰ অভিযোগ সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকে সংবাদ মাধ্যমক জনোৱাৰ লগে লগে সাংবাদিকৰ এটা দল উক্ত পেট্ৰল পাম্পত উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে ট্ৰাকখনৰ চালক ৷ এনেদৰে অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা প্ৰায়েই আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ কথা বটদ্ৰৱা অঞ্চলৰ সৰ্বজন বিদিত যদিও বিষয় সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষৰ নীৰৱ ভূমিকাই আচৰিত কৰি তুলিছে বটদ্ৰৱাবাসী ৰাইজক ৷ স্থানীয় ৰাইজৰ অভিযোগ চোৰাং কয়লা ব্যৱসায়ীৰ লগত আৰক্ষীয়ে গোপন বুজাবুজি কৰি এইদৰে চোৰাং বেহা চলাই নিয়াত সহায় কৰিছে ব্যৱসায়ী সকলক ৷ এই সমগ্ৰ ঘটনাত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ তুলি ঘটনাৰ উচিত তদন্তৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃউত্তৰ-পূৱৰ 22 গৰাকী বিদ্ৰোহীক ভাৰতৰ হাতত গতালে ম্যানমাৰে