অসম

assam

ETV Bharat / state

নগাওঁ পৌৰসভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এটা অঞ্চলৰ বাসিন্দাৰ

বিভিন্ন স্থানত পৌৰসভাই ৰাজপথ পৰিষ্কাৰ কৰাৰ লগতে চেনিটাইজা কৰাত ব্যস্ত থকাৰ সময়তে নগাঁও পৌৰসভাৰ বিৰুদ্ধে উত্থাপন হৈছে পৰিবেশ দুৰ্গন্ধময় কৰাৰ গুৰুতৰ অভিযোগ ৷

By

Published : May 16, 2020, 4:15 PM IST

Allegations against Nagaon municipality by people
নগাওঁ পৌৰসভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এটা অঞ্চলৰ বাসিন্দাৰ

নগাঁও, 16 মে;: মহামাৰী কৰ'ণা ভাইৰাছে সৃষ্টি কৰা ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি পৰিষ্কাৰ পতিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ সময়তে নগাওঁ পৌৰসভাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । বিভিন্ন স্থানত পৌৰসভাই ৰাজপথ পৰিষ্কাৰ কৰাৰ লগতে চেনিটাইজা কৰাত ব্যস্ত থকাৰ সময়তে নগাঁও পৌৰসভাৰ বিৰুদ্ধে উত্থাপন হৈছে পৰিবেশ দুৰ্গন্ধময় কৰাৰ গুৰুতৰ অভিযোগ ৷

নগাওঁ পৌৰসভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এটা অঞ্চলৰ বাসিন্দাৰ

উল্লেখ্য যে, কৰ'ণা সৃষ্ট আতংকময় পৰিবেশৰ মাজতে ৰাজ্যত শ শ গাহৰি ছোৱাইন ফেভাৰত আক্ৰান্ত হোৱাৰ বাবে নগাঁৱত বৃদ্ধি পাইছে গাহৰিৰ মৃত্যুৰ সংখ্যা ৷ বিগত প্ৰায় এসপ্তাহত 15 টাতকৈও অধিক গাহৰিৰ মৃত্যু হৈছে নগাওঁ চহৰৰ মেতুৰ পট্টিত ৷ উক্ত মৃত গাহৰিক লৈ নগাঁও পৌৰসভাই নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ ৷ অভিযোগ অনুসৰি নগাঁৱৰ ঠাকুৰ ৰামকৃষ্ণ ৰোডৰ হৰিজন কলনিত পথৰ দাঁতিতে পৌৰসভাই পুতিলে মৃত গাহৰি ৷

নগাওঁ পৌৰসভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এটা অঞ্চলৰ বাসিন্দাৰ

জনবসতিপূৰ্ণ এলেকাৰ ৰাজপথৰ দাঁতিতে এনেদৰে মৃত গাহৰি পোতাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যাৰ বাবে এতিয়া উৎকট দুৰ্গন্ধৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলটোৰ বাসিন্দাই ৷

লগতে পঢ়কঃ শোণিতপুৰৰ মিছামাৰীত চৰকাৰী সাহায্য বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details