অসম

assam

ETV Bharat / state

কামপুৰত গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কামপুৰত বান সাহায্য লুন্ঠনৰ অভিযোগ তুলি চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে বানাক্ৰান্তৰ প্ৰতিবাদ ৷ বান পীড়িতলৈ চৰকাৰে যোগান ধৰা বান সাহায্য আত্মসাৎ কৰাৰ অভিযোগ চৰকাৰী গাঁওবুঢ়া নুৰ ইছলামৰ বিৰুদ্ধে ৷ সাহায্যৰ সামগ্ৰী ৰাইজে জব্দ কৰি চমজাই দিলে আৰক্ষীক ৷ চক্ৰ বিষয়াই কোনো ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজৰ ক্ষোভ ৷

কামপুৰত গাঁওবুঢ়াৰ বিৰুদ্ধে বান সাহায্য লুন্ঠনৰ অভিযোগ
কামপুৰত গাঁওবুঢ়াৰ বিৰুদ্ধে বান সাহায্য লুন্ঠনৰ অভিযোগ

By

Published : Oct 1, 2020, 6:09 PM IST

বঢ়মপুৰ, 1 অক্টোবৰ: কামপুৰত স্বয়ং চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে চৰকাৰে বান পীড়িতলৈ বুলি যোগান ধৰা সামগ্ৰী লুন্ঠনৰ অভিযোগ ৷ চৰকাৰী গাঁওবুঢ়া নুৰ ইছলামৰ বিৰুদ্ধে বান সাহায্য আত্মসাৎ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ ইফালে বন্যাৰ্ত ৰাইজে গাওঁবুঢ়া গৰাকীৰ শাস্তি প্ৰদানৰ দাবী জনোৱাৰ বিপৰীতে চৰকাৰী গাওঁবুঢ়া নুৰ ইছলামে সকলো অভিযোগ নস্যাৎ কৰি চাউল সমূহ বন্যাৰ্ত ৰাইজক বিতৰণ কৰাৰ উদ্দেশ্যেহে ৰখা হৈছিল বুলি মন্তব্য কৰিছে ৷

বান পীড়িতৰ বাবে দিয়া সাহায্য লুন্ঠনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

অভিযোগ অনুসৰি চৰকাৰে যোগান ধৰা বান সাহায্যৰ 95 বেগ চাউল ভিতৰত 25 বেগ চাউল, 3 বেগ দালি আৰু 1 বেগ নিমখ গাঁওবুঢ়া নুৰ ইছলামে এটা গুদামত আছুতীয়াকৈ ৰাখিছিল ৷ পাছত উক্ত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ নিয়াৰ উমান পায় স্থানীয় ৰাইজে চাউল খিনি জব্দ কৰি কচুৱা আৰক্ষীক চমজাই দিয়ে ৷ স্থানীয় ৰাইজে অভিযোগ কৰে যে সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁলোকে কামপুৰ চক্ৰ বিষয়াক অৱগত কৰিছিল যদিও চক্ৰ বিষয়াই এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ গাঁওবুঢ়া গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ বন্যাৰ্ত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে গাওঁবুঢ়া নুৰ ইছলামৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক:গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

ABOUT THE AUTHOR

...view details