অসম

assam

By

Published : May 8, 2021, 10:42 PM IST

ETV Bharat / state

কামপুৰত ক’ভিড ৰোগীৰ মৃত্যুক লৈ উত্তেজনা

কামপুৰ এফ আৰ ইউত এজন ক'ভিড ৰোগীৰ মৃত্যুক লৈ হাহাকাৰ পৰিস্থিতি ৷ চিকিৎসালয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ মৃতকৰ পৰিয়ালৰ ৷

allegation-of-covid-patient-died-without-proper-treatment
কামপুৰত উপযুক্ত চিকিৎসাৰ অভাৱত ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

বঢ়হমপুৰ, 8 মে': কামপুৰ এফ আৰ ইউত এজন মৃত ক'ভিড ৰোগীক লৈ হাহাকাৰ পৰিস্থিতি ৷ চিকিৎসালয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ মৃতকৰ পৰিয়ালৰ ৷ বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল’লে দিলীপ ৰয় নামৰ লোকজনে ৷ মৃত ৰোগীক লৈ চিকিৎসালয়ত হিয়া ধাকুৰি কান্দিছে আত্মীয়ই ৷

কামপুৰত উপযুক্ত চিকিৎসাৰ অভাৱত ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ইজনে সিজনলৈ দ্বায়িত্ব ঠেলি নিজৰ কৰ্তব্য সামৰিছে বুলি অভিযোগ তোলে মৃতকৰ পৰিয়ালে ৷ মধুমেহ ৰোগত আক্ৰান্ত ৰোগীজন চিকিৎসালয়ত বিনা চিকিৎসাই মৃত্যু বৰণ কৰাৰ পাছত ক'ভিড পজিটিভ বুলি সদৰি কৰে চিকিৎসকে ৷

লগতে পঢ়ক :দিল্লীত হাইভল্টেজ বৈঠকৰ পিচতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details