নগাওঁ,14 ডিচেম্বৰঃ অৱশেষত ৰাষ্ট্ৰপতিৰ মোহৰেৰে আইনত পৰিণত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ আনহতে,আইনখন বাতিল কৰাৰ দবীত ৰাজ্যৰ চুকে কোণে অব্যাহত আছে প্ৰতিবাদ ৷ শনিবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল নগাঁও ৷ আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল কলেজ শিক্ষক সন্থা ৷ সদৌ অসম কলেজ শিক্ষক সন্থা নগাঁও, মৰিগাঁও মণ্ডলৰ উদ্যোগত আয়োজন কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ৷
নগাঁৱত সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ - সদৌ অসম কলেজ শিক্ষক সন্থাৰ কেব
শনিবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল নগাঁও ৷ আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল কলেজ শিক্ষক সন্থা ৷ সদৌ অসম কলেজ শিক্ষক সন্থা নগাঁও, মৰিগাঁও মণ্ডলৰ উদ্যোগত আয়োজন কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ৷
নগাঁৱত সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ
উল্লেখ্য যে, শনিবাৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিওৱা হয় প্ৰতিবাদী সমদল ৷ উক্ত কাৰ্যসূচীত সংগঠনটোৰ নেতা কৰ্মীৰ লগতে অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ৷