অসম

assam

ETV Bharat / state

Protest against Assam Govt : নৱবর্ষৰ আৰম্ভণিতেই চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গ্ৰামীণ শ্ৰমিক সন্থাৰ - Rural Workers protest in Nagaon

নৱবর্ষৰ দ্বিতীয় দিনাই চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ (All Assam Rural Workers Association)। বটদ্ৰৱা উচ্ছেদৰ বিৰুদ্ধেও সৰৱ শ্ৰমিক সন্থা । বটদ্ৰৱা উচ্ছেদক বে-আইনী আখ্যা সংগঠনটোৰ ।

All Assam Rural Workers Association
উচ্চেদৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰামীণ শ্ৰমিক সন্থাৰ

By

Published : Jan 2, 2023, 10:06 PM IST

উচ্চেদৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰামীণ শ্ৰমিক সন্থাৰ

নগাঁও, 2 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই চৰকাৰৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই (All Assam Rural Workers Association)। নতুন বছৰৰ দ্বিতীয়টো দিনতেই চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ গৰজি উঠে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা ৷ চৰকাৰে উচ্ছেদৰ নামত বুলড’জাৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ।

বিশেষকৈ নগাঁৱৰ বটদ্ৰৱাত চৰকাৰে চলোৱা উচ্ছেদক(Batadrava Eviction) লৈ সৰৱ হৈ পৰে গ্ৰামীণ শ্ৰমিক সন্থা । সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তৰ উপস্থিতিত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে নানা শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

উল্লেখযোগ্য যে, বটদ্ৰৱাত কেইদিনমান পূৰ্বে অসম চৰকাৰৰ নিৰ্দেশত উচ্ছেদ অভিযান চলাইছিল নগাঁও জিলা প্ৰশাসনে । দহখনকৈ বুলড’জাৰৰ সহায়ত উচ্ছেদ অভিযান চলাই বটদ্ৰৱাৰ মুঠ এহেজাৰ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰা বুলি দাবী কৰে জিলা প্ৰশাসনে । বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি বীজ ফাৰ্ম, শান্তিজান বজাৰ, ধনীয়াভেটি লালুং গাঁৱত অভিযান চলাই প্ৰশাসনে উচ্ছেদ কৰিছিল ৭২ টাকৈ পৰিয়াল (Eviction drive at Batadrava)।

উল্লেখ্য যে, বটদ্ৰৱাৰ চৰকাৰী ভূমিত মুঠ ৩০২ টা পৰিয়ালে বেদখল কৰি বসবাস কৰি আছিল দীৰ্ঘদিনৰ পৰাই । কিন্তু চৰকাৰে হঠাৎ বটদ্ৰৱাৰ চৰকাৰী ভূমিত থকা পৰিয়ালকেইটাক বেদখলকৃত ভূমি এৰি দিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই চৰকাৰী ভূমিত থকা ২৩০ টা পৰিয়ালে নিজেই স্থান এৰি আঁতৰি যায় । কিন্তু নিজে আঁতৰি নোযোৱা ৭২ টাকৈ পৰিয়ালক উচ্ছেদ চলাবলৈ বাধ্য হয় নগাঁও জিলা প্ৰশাসন ।

প্ৰশাসনে উচ্ছেদ কৰা ৭২ টা পৰিয়াল সম্প্ৰতি পথৰ দাঁতিত ত্ৰিপাল আঁৰি একপ্ৰকাৰ মুকলি আকাশৰ তলতেই বসবাস কৰি থকা বুলি জানিব পৰা গৈছে । উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবী বিভিন্নজনে উত্থাপন কৰি আহিছে । ইয়াৰ মাজতে সোমবাৰে বটদ্ৰৱাৰ উচ্ছেদক বে-আইনী আখ্যা দি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গ্ৰামীণ শ্ৰমিক সন্থাই (Rural Workers protest in Nagaon)।

কেৱল এয়াই নহয়, বটদ্ৰৱাৰ উচ্ছেদে মানৱধিকাৰ খৰ্ব কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ সোমবাৰে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উচ্ছেদিত লোকৰ সংস্থাপনৰ লগতে কেবাটাও দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷

লগতে পঢ়ক :Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ

ABOUT THE AUTHOR

...view details