অসম

assam

By

Published : Jul 27, 2021, 9:05 AM IST

ETV Bharat / state

MGNREGA 2005ৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

সোমবাৰে নগাঁৱত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা (All Assam Gramin Labour Union)ৰ প্ৰতিবাদ ৷ 2005 চনৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন (MGNREGA)ৰ বিৰোধিতা কৰি বিজেপি চৰকাৰে আইনখনক লৈ নিৰ্ধাৰণ কৰা পৰামৰ্শসমূহ প্ৰত্যাহাৰ কৰাৰ দাবী জনায় সন্থাই ৷

all assam gramin labour union protest in nagaon
NREGAৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

চামগুৰি, 26 জুলাই : 2005 চনৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন (MGNREGA)ৰ বিৰোধিতাৰে নগাঁৱত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা (All Assam Gramin Labour Union)ই ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ দেশজুৰি কৃষি আৰু গ্ৰামীণ শ্ৰমিক সংগঠনসমূহে আহ্বান জনোৱা 2005 চনৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনখনক মোদী-শ্বাহ নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে ধ্বংস কৰিবলৈ ষড়যন্ত্ৰমূলক সংশোধনী তথা পৰামৰ্শসমূহ দাঙি ধৰিছে বুলি মন্তব্য কৰে নেতাদ্বয়ে ৷

ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে তেওঁলোকে ৷ এই পৰামৰ্শসমূহ ততালিকে প্ৰত্যাহাৰ কৰাৰ দাবীৰে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi)ৰ পুত্তলিকা দাহ কৰা হৈছে । নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট জিলাতো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰে বুলি বিবৃতিযোগে প্ৰকাশ কৰে ।

প্ৰতিবাদকাৰীসকলে ‘MGNREGA 2005 ৰ মূল আইন পুনৰুদ্ধাৰ কৰক’, ‘NREGAৰ সকলো সংশোধনী আৰু পৰামৰ্শ প্ৰত্যাহাৰ কৰক’, ‘লকডাউনৰ ফলত কৰ্মহীন জবকাৰ্ডধাৰীকে ধৰি সকলো শ্ৰমিকক 3 মাহৰ মজুৰি প্ৰদান কৰক’, ‘সকলো জবকাৰ্ডধাৰীকে 200 দিনৰ কাম দিয়ক’, ‘জবকাৰ্ডৰ কামত 600 টকাকৈ দৈনিক মজুৰি প্ৰদান কৰক’ আদি শ্ল’গানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

NREGAৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

সন্থাৰ নেতৃত্বই লগতে কয় যে, ক’ভিড (Covid) অতিমাৰীৰ সময়ছোৱাত লকডাউন (Lockdown)ৰ সময়চোৱাতেই ব্যাপক মূল্যবৃদ্ধিয়ে সকলো জনসাধাৰণৰ লগতে দুখীয়া, শ্ৰমজীৱী ৰাইজ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীটোক লাহে লাহে অনাহাৰত দিন কটাবলগীয়া পৰিস্থিতিৰ ফালে ঠেলি দিছে । সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই কয় যে, দেশৰ সকলো কৃষি আৰু গ্ৰামীণ শ্ৰমিক সংগঠনসমূহে আহ্বান জনোৱা উক্ত কাৰ্যসূচীত কৃষক-শ্ৰমিক সন্থা অসমেও পূৰ্ণ সমৰ্থন আগবঢ়ায় । ইয়াৰ লগতে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে ন্যায্য ক্ষতিপূৰণ আদায়ৰ দাবীত কৰা প্ৰতিবাদক চৰকাৰে লাঠি-গুলিৰে দমন কৰিবলৈ বিচৰা কাৰ্যক তীব্ৰ গৰিহণা জনায় সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷

লগতে পঢ়ক :লোহিত জিলাত বৰ্ডাৰ ৰোডছ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details