নগাঁও, 5 মাৰ্চঃ নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহৰ ব্যাপক প্রস্তুতি । বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত উলহ মালহেৰে উদযাপন কৰা হ'ব নৱম বাৰ্ষিক ভাওনা সমাৰোহ । ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভাওনা সমাৰোহৰ বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয় ।
কলঙৰ বাকৰি নেহেৰুৱালীত সদৌ অসম ভাওনা সমাৰোহৰ লাইখুটা স্থাপন - সদৌ অসম ভাওনা সমাৰোহৰ লাইখুটা স্থাপন
২০১২ চনৰ পৰাই অনুষ্ঠিত হৈ অহা ভাওনা সমাৰোহত এইবছৰ এদিনত সাতখনকৈ প্ৰতিযোগিতামূলক ভাওনা পৰিবেশন হ'ব ৷
সদৌ অসম ভাওনা সমাৰোহৰ লাইখুটা স্থাপন
খোলত গুৰুঘাট, আয়তীৰ উৰুলী আৰু মংগল ধ্বনিৰ মাজেৰে ভাওনা সমাৰোহৰ লাইখুটা স্থাপন কৰা হয় । লাইখুটা স্থাপন অনুষ্ঠানত শংকৰী সাহিত্যৰ গৱেষক তথা ভাওনা সমাৰোহৰ সভাপতি তিলকচন্দ্ৰ মজুমদাৰ, কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ২০১২ চনৰ পৰাই অনুষ্ঠিত হৈ অহা ভাওনা সমাৰোহত এইবছৰ এদিনত সাতখনকৈ প্ৰতিযোগিতামূলক ভাওনা পৰিবেশন হ'ব বুলি জানিবলৈ দিয়ে সমিতিয়ে ।