অসম

assam

ETV Bharat / state

এন আৰ চি পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলাৰ সমিতিৰ উদ্যোগত এন .আৰ.চি পুনৰীক্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এন আৰ চি পুনৰীক্ষণৰ বিৰোধীতা, "ডি ভোটাৰ"-ৰ দৰে অমানৱীয় আৰু অসাংবিধানিক ব্যৱস্থা বাতিলৰ দাবী আজিৰ কাৰ্যসূচী মূল দাবী বুলি জানিবলৈ দিয়ে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সমিতি সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই

By

Published : May 28, 2021, 10:58 PM IST

এন.আৰ.চি পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
এন.আৰ.চি পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

চামগুৰি, 28 মে': সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলাৰ সমিতিৰ উদ্যোগত এন আৰ চি পুনৰীক্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক সমিতি সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এইদৰে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত সীমামূৰীয়া জিলা সমূহত ২০ শতাংশ আৰু বাকী জিলা সমূহত ১০ শতাংশ এনআৰচি পুনৰীক্ষণৰ কথা ব্যক্ত কৰিছিল ৷

এন আৰ চি, অসমৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ পুনৰীক্ষণৰ যি আবেদন কৰিছে তাক প্ৰত্যাহাৰ কৰি বিদেশী ন্যায়াধিকৰণৰ দৰে অৰ্ধ-বিচাৰ ব্যৱস্থাৰ জৰিয়তে ঘোষিত বিদেশী আৰু এন‌‌আৰচিৰ পৰা বাদ পৰা লোকসকলৰ বিচাৰৰ সলনি পূৰ্ণাংগ বিচাৰ ব্যৱস্থাৰ অধীনত বিচাৰ কৰাৰ দাবী জনায় ৷"

লগতে ডিটেনশন কেম্পসমূহ বন্ধ কৰি সেই কেম্পবোৰক পূৰ্ণাঙ্গ ক'ভিড হাস্পাতাললৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায় ৷ "ডি ভোটাৰ"-ৰ দৰে অমানৱীয় আৰু অসাংবিধানিক ব্যৱস্থা বাতিলৰ দাবী আজিৰ কাৰ্যসূচী মূল দাবী বুলি জানিবলৈ দিছে অৰূপ কুমাৰ মহন্তই ।

এন.আৰ.চি পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

মহন্তই আৰু কয় যে, বহুতো হাৰাশাস্তিৰ সন্মুখীন হৈ অসমৰ ৰাইজে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰাৰ আশাত কষ্টকৰ আৰু যন্ত্ৰণাদায়ক এনআৰচি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এন আৰ চি পুনৰীক্ষণ সন্দৰ্ভত দাঙি ধৰা বক্তব্য আৰু এন আৰ চি , অসমৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন ষড়যন্ত্ৰমূলক আৰু সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতিৰে পৰিচালিত বুলিও মন্তব্য কৰে ।

ক'ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দৰিদ্ৰ-শ্ৰমজীৱী ৰাইজৰ জীৱন-জীৱিকা আৰু স্বাস্থ্যৰ ওপৰত যি দুৰ্যোগ নমাই আনিছে তেনে সময়ত চৰকাৰে জীৱন-জীৱিকা আৰু স্বাস্থ্য ব্যৱস্থাৰ বিষয়ক মুখ্য এজেণ্ডা নকৰি এন আৰ চিৰ পুনৰীক্ষণৰ ওকালতি কৰাৰ পিছফালে কি উদ্দেশ্য নিহিত হৈ আছে বুলিও প্ৰশ্ন কৰে অৰূপ কুমাৰ মহন্তই ।

লগতে কয় হয় যে, অসমৰ ৰাইজে বিজেপি চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক নীতি বিৰুদ্ধে সজাগ হৈ যিকোনো মূল্যত অসমৰ বৈচিত্ৰ্যময়, সমন্বয়মূলক, সম্প্ৰীতি আৰু ঐতিহ্য তথা পৰম্পৰাক ৰক্ষাৰ স্বাৰ্থত পুনৰ এনআৰচি জাপি দিয়াৰ বিৰোধিতা কৰিব লাগিব ৷ যাতে অসমক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব পৰা যায় বুলিও কয় মহন্তই ।

লগতে পঢ়ক:কেনেকৈ মৃত্যুক সাৱতি লৈছিল ৰহাৰ শিখামণি বৰাই ?

ABOUT THE AUTHOR

...view details